পত্নীক উভতাই আনিবলৈ যোৱা ৰূপহীহাটৰ ৰছিদুলক হত্যা

বহিঃৰাজ্যত অসমৰ যুৱকক মৰিয়াই হত্যা। নিজ পত্নীক ঘূৰাই আনিবলৈ গৈ হত্যাৰ বলি হ’ল ৰূপহীহাটৰ শিঙিমাৰীৰ ৰছিদুল হক নামৰ এজন লোক।

ৰূপহীহাটৰ শিঙিমাৰীৰ বাসিন্দা ৰছিদুল হক নামৰ লোকজনৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ তেওঁৰ পত্নীক একে গাঁৱৰে তিনিজন যুৱকে প্ৰৱঞ্চনাৰে বাংগালুৰুলৈ লৈ গৈছিল। ইয়াৰ পাছতেই পত্নীক উক্ত দুষ্টচক্ৰটোৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ স্বামী ৰছিদুলো বাংগালুৰুলৈ ৰাওনা হয়। কিন্তু বহিঃৰাজ্যত যোৱাই কাল হ’ল ৰছিদুলৰ।

অভিযোগ মতে বাংগালুৰুৰ পৰা পত্নীক উদ্ধাৰ কৰিবলৈ যোৱাত তিনিজনীয়া দুষ্টচক্ৰটোৱে মৰিয়াই হত্যা কৰে ৰছিদুলক।

পৰিয়ালৰ লোকে জনোৱা মতে ৰূপহীহাটৰ পশ্চিম শিঙিমাৰীৰেই আমছুৰ ৰহমান, আশ্বাফুল হক আৰু মাইনুল হক নামৰ তিনি যুৱকে বহিঃৰাজ্যলৈ লৈ গৈছিল ৰছিদুলৰ পত্নীক। পত্নীক বিচাৰি যোৱাত তিনিওজনে মিলি ৰছিদুলক হত্যা কৰা বুলি পৰিয়ালে জনাইছে।

ইফালে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোক ৰূপহীহাট আৰক্ষী থানাত কাষ চাপিছে যদিও ৰূপহীহাট আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে ৰছিদুলৰ পৰিয়ালে।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...