পত্নীক উভতাই আনিবলৈ যোৱা ৰূপহীহাটৰ ৰছিদুলক হত্যা

বহিঃৰাজ্যত অসমৰ যুৱকক মৰিয়াই হত্যা। নিজ পত্নীক ঘূৰাই আনিবলৈ গৈ হত্যাৰ বলি হ’ল ৰূপহীহাটৰ শিঙিমাৰীৰ ৰছিদুল হক নামৰ এজন লোক।

ৰূপহীহাটৰ শিঙিমাৰীৰ বাসিন্দা ৰছিদুল হক নামৰ লোকজনৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ তেওঁৰ পত্নীক একে গাঁৱৰে তিনিজন যুৱকে প্ৰৱঞ্চনাৰে বাংগালুৰুলৈ লৈ গৈছিল। ইয়াৰ পাছতেই পত্নীক উক্ত দুষ্টচক্ৰটোৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ স্বামী ৰছিদুলো বাংগালুৰুলৈ ৰাওনা হয়। কিন্তু বহিঃৰাজ্যত যোৱাই কাল হ’ল ৰছিদুলৰ।

অভিযোগ মতে বাংগালুৰুৰ পৰা পত্নীক উদ্ধাৰ কৰিবলৈ যোৱাত তিনিজনীয়া দুষ্টচক্ৰটোৱে মৰিয়াই হত্যা কৰে ৰছিদুলক।

পৰিয়ালৰ লোকে জনোৱা মতে ৰূপহীহাটৰ পশ্চিম শিঙিমাৰীৰেই আমছুৰ ৰহমান, আশ্বাফুল হক আৰু মাইনুল হক নামৰ তিনি যুৱকে বহিঃৰাজ্যলৈ লৈ গৈছিল ৰছিদুলৰ পত্নীক। পত্নীক বিচাৰি যোৱাত তিনিওজনে মিলি ৰছিদুলক হত্যা কৰা বুলি পৰিয়ালে জনাইছে।

ইফালে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোক ৰূপহীহাট আৰক্ষী থানাত কাষ চাপিছে যদিও ৰূপহীহাট আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে ৰছিদুলৰ পৰিয়ালে।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...