ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ’ব সুৰংগ!

এইবাৰ অসমৰ সমাজ জীৱনৰ আয়ুসৰেখা ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ’ব সুৰংগ। ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ’ব ১৫.৬ কিঃ মিঃ দৈঘ্যৰ সুৰংগ। ১২,৮০৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব এই সুৰংগ। এই দ্বৈত পথে দক্ষিণপাৰৰ নুমলীগড়ৰ লগত উত্তৰ পাৰৰ গহপুৰক সংযোগ কৰিব। প্ৰতিটো সুৰংগৰে দুটাকৈ মুঠতে ৪টা লেনেৰে গাড়ী চলাচল কৰিব পাৰিব। দ্বৈত সুৰংগ পথ নিৰ্মাণৰ বাবে এই প্ৰস্তাৱ গ্ৰহণ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। পথ সচিব গিৰিধৰ আৰমানেৰ অধ্যক্ষতাত ২০২১ চনৰ ১ ছেপ্টেম্বৰত অনুষ্ঠিত এখন বৈঠকত NHIDCLক প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ দ্বাৰা প্ৰকল্পটোলৈ সঁহাৰি দিয়াৰ পিছত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বাবে এখন খচৰা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। এই সুৰংগলৈ মূল ৰাজপথৰ পৰা প্ৰৱেশৰ বাবে থাকিব বিশেষ পথ। পথটোৰ দৈৰ্ঘ্য হ’ব প্ৰায় ১৮ কিলোমিটাৰ। ৰাজপথ সংযোগী সুৰংগসহ প্ৰকল্পটোৰ সৰ্বমুঠ দৈৰ্ঘ্য হ’ব ৩৩ কিলোমিটাৰ। এই সুৰংগৰ থাকিব নিৰাপত্তা আৰু ৰণকৌশলগত গুৰুত্ব। ডাইৰেক্টৰ অৱ মিলিটাৰী অপাৰেচনছে চোৱাচিতা কৰিব এই সুৰংগৰ নিৰ্মাণৰ কাম। আনহাতে, এই সুৰংগই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুকো সুৰক্ষা প্ৰদানতো সহায়ক হ’ব। কিয়নো এই সুৰংগই ঘাইপথৰ প্ৰসাৰত পৰা কাজিৰঙা বেল্টক উপেক্ষা কৰাত সহায় কৰিব। অত্যাধুনিক সুৰংগটো সম্পূৰ্ণ হলে অসমৰ উত্তৰ পাৰৰ লগতে অৰুণাচলৰ যোগাযোগ ক্ষেত্ৰত সূচনা হ’ব নতুন দিগন্তৰ।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...