প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, উত্তৰ প্ৰদেশত কোন দিশে বলিল বতাহ?

উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন।

৭টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনৰ ১১খন জিলাৰ ৫৮টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ আৰম্ভ হৈছিল পুৱা ৭ বজাৰ পৰা।

ক’ভিড নীতি নিৰ্দেশনাৰ মাজতে ৰাজ্যখনত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচন।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ ৬২৩ জন প্ৰাৰ্থীৰ ভাগ্য বন্দী ইলেট্ৰনিক ভোটিং মেচিনত। ইয়াৰ ভিতৰত আছে যোগী আদিত্য নাথ চৰকাৰৰ কেইবাজনো মন্ত্ৰীও।

প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ ২.২৭ কোটি ভোটাৰ ভোটদানৰ বাবে যোগ্য বিবেচিত হৈছিল। বিধানসভা নিৰ্বাচনত বিজেপি আৰু সমাজবাদী পাৰ্টীৰ মাজতে মূল প্ৰতিদ্বন্দ্বিতা যদিও বহুজন সমাজ পাৰ্টী, কংগ্ৰেছ আৰু আন আন দলসমূহেও জয়ৰ আপ্ৰাণ চেষ্টা চলাইছে।

যোগী আদিত্য নাথৰ হকে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীকে ধৰি শীৰ্ষ নেতৃত্বই প্ৰচাৰ চলাই অহাৰ বিপৰীতে সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে আৰ এল ডিৰ শীৰ্ষ নেতৃত্বৰ সহযোগত ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।

নিৰ্বাচনৰ বাবে ভোটকেন্দ্ৰসমূহত কটকটীয়াকৈ গঢ়ি তোলা হৈছিল নিৰাপত্তা। কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ যাতে সূচনা নহয় তাৰ বাবে সকলো প্ৰচেষ্টা কৰা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...