ঋণ, নিবনুৱা সমস্যাৰ বাবে দেশত ২৬ হাজাৰ লোকৰ আত্মহত্যা!

0 226

দেশত নিবনুৱা, ঋণ, দৰিদ্ৰতাৰ বাবে প্ৰতিবছৰে বৃহৎ সংখ্যক লোকে বাছি লৈ আহিছে আত্মহত্যাৰ দৰে চৰম পথ। বিগত তিনি বছৰৰ পৰিসংখ্যা যদি চোৱা যায় তেন্তে আপুনি আচৰিত হৈ পৰিব। এনচিআৰবি অৰ্থাৎ ৰাষ্ট্ৰীয় অপৰাধ ব্যুৰোৰ তথ্যৰ ওপৰত আধাৰিত কৰি কেন্দ্ৰীয় চৰকাৰে সংসদত দাঙি ধৰিছে কিছু তথ্য।

এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজ্যসভাত কয় যে ২০১৮, ২০১৯ আৰু ২০২০ বৰ্ষত ২৫ হাজাৰৰো অধিক লোকে আত্মহত্যা কৰিছে। আৰু এই আত্মহত্যাৰ আঁৰত দৰিদ্ৰ হোৱা, নিবনুৱা আৰু ঋণৰ দৰে মুখ্য কাৰণ।

কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত জনায় যে নিবনুৱা, ঋণ আদিৰ দৰে কাৰণত ২০১৮ চনৰ পৰা ২০২০ চনলৈ কিমান জন লোকে প্ৰাণ হেৰুৱাইছে। এনচিআৰবিৰ তথ্যৰ সন্দৰ্ভত মন্ত্ৰালয়ে কয় যে ভাৰতত ২০১৮ চনত ২৭৪১ জন, ২০১৯ চনত ২৮৫১জন আৰু ২০২০ চনত ৩৫৪৮জন লোকে নিবনুৱাৰ বাবে আত্মহত্যা কৰিছিল।

নিবনুৱাৰ বাবে, দেশত ৯১৪০জন লোকে আত্মহত্যা কৰিছে। একে সময়তে, এই তিনি বছৰত দাৰিদ্ৰতা আৰু ঋণৰ বাবে ১৬,০৯১জন লোকে আত্মহত্যা কৰিছিল। অৰ্থাৎ, এই কাৰণবোৰৰ বাবে ২৫,০০০তকৈও অধিক লোকে আত্মহত্যা কৰিছে, ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)ৰ তথ্যৰ আধাৰত গৃহ মন্ত্ৰালয়ে জনায় এই তথ্য।

উল্লেখ্য যে দেশত নিবনুৱা সমস্যা হৈ পৰিছে এটা ডাঙৰ সমস্যা। যদিও চৰকাৰে সমস্যাটোৰ সৈতে ভালদৰে মোকাবিলা কৰা বুলি দাবী কৰিছে, বিৰোধী দলবোৰে নিবনুৱাক এটা ডাঙৰ সমস্যা বুলি দাবী কৰিছে। আনকি বাজেটৰ ক্ষেত্ৰতো বিৰোধী দলসমূহৰ সাংসদসকলে অভিযোগ কৰি আহিছে যে কোভিড কালত সৃষ্টি হোৱা পৰিস্থিতি আৰু নিযুক্তিৰ সংকটৰ মোকাবিলা কৰিবলৈ চৰকাৰৰ প্ৰচেষ্টা অপৰ্যাপ্ত।

Leave A Reply

Your email address will not be published.