সৰাপাতৰ চিঠি বিলাই ধূলিয়ৰি বাটেৰে আহি আছে ফাগুন…

ফাগুন পালেহিয়েই! সৰাপাতৰ চিঠি বিলাই ধূলিয়ৰি বাটেৰে আহি আছে ফাগুন। এই ফাগুনৰ আছে এক সুকীয়া সৌন্দৰ্য। সেইবাবে চাগে ফাগুনৰ বন্দনা কৰাত ব্যস্ত হয় কবি গীতিকাৰসকল। উদাস আকাশ, ধূলিয়ৰি পৰিৱেশ, শুষ্ক বাতাৱৰণ আৰু বিবৰ্ণ তৰু- তৃণ। এইদৰেই ঋতু পৰিৱৰ্তনৰ নিয়ম মানি চিনাকি বাটেৰে পুনৰ আহি আছে ফাগুন।

পলাশ- শিমলুৰ অবিহনে ফাগুনৰ তৃপ্তিৰ কথা কল্পনাই কৰিব নোৱাৰি। সৰাপাতৰ খৰমৰণিৰ মাজতো এই ফাগুনতে পলাশ শিমলুৱে কঢ়িয়াই আনে অনাগত বসন্তৰ বতৰা। ফাগুনৰ শুকান ধূলিময় বাটবোৰেই যেন আৰম্ভণি বসন্তৰ সেউজ সতেজতাৰ সময়লৈ।

সেয়ে ফাগুন বহুতৰে বাবে আশা, ফাগুন বহুতৰে বাবে সেউজৰ আগৰ সময়খিনিৰ আখৰা। বিৱৰ্ণ পাত সৰি পৰি নতুন কুঁহিৰ বাবে ৰৈ থকাৰ সময়ছোৱাত, ফাগুন এক মিঠা মিঠা লগা বতৰা। শেহতীয়াকৈ যেন প্ৰকৃতিয়ে পৰিৱৰ্তনৰ নিয়ম সলনি কৰিছে।

ফাগুনৰ শতিকাপুৰণি চিনাকি পৰিৱেশো যেন সলনি হোৱাৰ উপক্ৰম ঘটিছে। তাৰমাজতো প্ৰত্যাশাৰ পলাশৰঙী চিলা উৰুৱাই, বসন্তৰ আগলি বতৰা লৈ চিনাকি বাটেৰে, আকৌ এবাৰ, পুনৰ আহি আছে ফাগুন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...