প্ৰাকৃতিকভাৱেও নিৰাময় কৰিব পাৰি গেষ্ট্ৰিকৰ সমস্যা

আজিকালি গেষ্ট্ৰিকৰ সমস্যা প্ৰায় প্ৰতিজন ব্যক্তিৰে থাকে। দৰাচলতে খোৱা বস্তু ভালকৈ হজম নহ’লে গেচৰ সমস্যা হয়। বহু লোকে দৈনিক পুৱা এটা গেছৰ টেবলেট খাইহে দিনটোৰ আৰম্ভ কৰে । পিছে এলোপেথিক ঔষধ একেৰাহে দীৰ্ঘ সময় ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাৰ সন্মুখীন হয়। গেষ্ট্ৰিকৰ সমস্যা প্ৰাকৃতিকভাৱেও নিৰাময় কৰিব পাৰি। তৎক্ষণাৎ গেচ নোহোৱা কৰিবলৈ হলে আদা চকল চকলকৈ কাটি ক’লা নিমখৰ লগত চোবাই খালে সুফল পোৱা যায়। কেঁচা তিঁয়হ, নিয়মীয়াকৈ অমিতা খালে গেচৰ সমস্যা কমে। কল খালেও পাকস্থলীৰ অতিৰিক্ত ছডিয়াম দূৰ কৰাত সহায় কৰে। সেয়ে দিনে দুটাকৈ পকা কল খালে গেচ কমি যায়। লগতে কল নিয়মীয়াকৈ খালে কোষ্ঠ কাঠিন্য দূৰ হয় । এগিলাচ ঠাণ্ডা গাখীৰ খালেও গেচ কমি যায়। মানিমুনিৰ ৰস দুচামুচ খালী পেটত পুৱা খাব লাগে। হালধিৰ ৰস পুৱা খালী পেটত খালেও গেচ দূৰ হয়। লং দুটা মুখত লৈ থাকিলে বুকু জ্বলা পোৰা, বমি ভাৱ, গেচ আদি দূৰ হয়। এগিলাচ পানীত আধা চামুচ ডালচেনি গুৰি উতলাই দিনটোত তিনিবাৰকৈ খালেও গেচ কমি যায়। একাপ পানীত ৫-৬টা পদিনাৰ পাত উতলাই ঠাণ্ডা কৰি খালেও গেচ দূৰ হয়। ডাৱৰ পানী খালেও গেচ দূৰ হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...