ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্তিম বিদায় সুৰৰ সম্ৰাজ্ঞীক

৯২ বছৰীয়া এক জীৱন পৰিক্ৰমা। ৯২ বছৰত ৬০ বছৰ কেৱল গীতেই গালে তেওঁ। সমৃদ্ধ কৰিলে ভাৰতীয় সংগীতক। সেই লতা মংগেশকাৰ পৰলোকগামী হ’ল। ১৯২৯ চনত জন্মগ্ৰহণ কৰা লতা মংগেশকাৰে বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে বুলিছিল জীৱনৰ বাট। অৱশেষত দেওবাৰে সন্ধিয়া শেষকৃত্য সম্পন্ন হ’ল কোকিলকণ্ঠী লতা মংগেশকাৰৰ। ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্তিম বিদায় সুৰৰ সম্ৰাজ্ঞীক। মুম্বাইৰ শিৱাজী পাৰ্কত শেষকৃত্য সম্পন্ন। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বলীউদৰ শিল্পীৰ পৰা ৰাজনৈতিক-ক্ৰীড়া ক্ষেত্ৰৰ অজস্ৰ গুণমুগ্ধই জনালে শ্ৰদ্ধাঞ্জলি। ত্ৰিৰংগাৰে পৰিবেষ্টিত হৈ প্ৰভুকুঞ্জৰ পৰা অন্তিম যাত্ৰাৰ সাক্ষী হ’ল হাজাৰ হাজাৰ গুণমুগ্ধ। শোকাকূল পৰিৱেশত শেষকৃত্য সম্পন্ন হ’ল লতাজীৰ। ভাৰতবাসীক আজীৱন কেৱল দি গ’ল সুৰৰ অমিয়া সুধা। মৃত্যুৰ পিছতো তেওঁৰ যি অনিৰ্বাপিত খ্যাতি, গুণমুগ্ধৰ অপাৰ ভালপোৱা, এই সকলোবোৰে যেন তেওঁক কায়িকভাৱেহে কাঢ়ি লৈ গ’ল। ৮ জানুৱাৰীত মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পাতালত ভৰ্তি কৰোৱাৰ পৰা মৃত্যু পৰ্যন্ত কোকিলকণ্ঠীগৰাকীৰ এই পৰিক্ৰমাও যেন হৈ ৰ’ল এক মহাপ্ৰয়াণৰ গাঁথা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

প্ৰিয়ংকা চোপ্ৰাৰ লগত দেখিবলৈ পোৱা সেই হাতীজনীয়েই আছিল গীতা

বৰ্তমানেও সংকটমুক্ত নহয় চামগুৰিৰ আহত হাতী গীতা। বনতাৰাৰ লগতে...

ভাৰত-পাক উত্তেজনা : UNSCৰ ১৫খন দেশৰ ভিতৰত ১৩খন দেশৰ সমৰ্থন ভাৰতক

জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে ৰাষ্ট্ৰসংঘৰ...

ভাৰত-পাকিস্তান সংঘাত : পাকিস্তানত মূল্যবৃদ্ধিৰ সম্ভাৱনা থকা সামগ্ৰীৰ তালিকা

ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক বহু দিনৰ পৰা উত্তেজনাপূৰ্ণ।...

পেহেলগামৰ আক্ৰমণৰ পিছতে পুনৰ জম্মু-কাশ্মীৰত শোকৰ ছাঁ; নিহত ৩জন জোৱান

জম্মু-কাশ্মীৰৰ ৰামবান জিলাত ভয়াৱহ দুৰ্ঘটনাত ভাৰতীয় সেনাৰ তিনিজন জোৱানৰ...