জালুকৰ আচৰিত গুণাগুণবোৰ জানেনে?

জালুক আমাৰ দৈনন্দিন খাদ্য সামগ্ৰীৰ অন্তৰ্গত এবিধ বিশেষ প্ৰাকৃতিক উপাদান। ৰান্ধনীশালত যেতিয়াই কোনো মছলাযুক্ত আহাৰ তৈয়াৰ কৰা হয় বা সেউজীয়া চালাডৰ গুণ অধিক সোৱাদযুক্ত কৰিবলৈ মন যায়, তেতিয়া প্ৰায়ে জালুকৰ প্ৰয়োগ কৰা হয়। পিহি লোৱা জালুকৰ গুড়ি চালাডৰ লগতে কটা ফল বা দাইল শাকৰ ওপৰতো ব্যৱহাৰ কৰা হয়। জালুকৰ আছে বহু ঔষধি গুণ। জ্বৰ, কাঁহ, নিমোনিয়া আদিৰ বাবে জালুক উপকাৰী। জালুকে স্মৃতিশক্তি প্ৰখৰ কৰে। বেলপাতৰ ৰসৰ সৈতে জালুকৰ গুড়ি মিহলাই বিহফোঁহাৰ চাৰিওফালে প্ৰলেপ দিলে ফোঁহা শুকাই যায়। জালুকে দূৰ কৰে মুখৰ দুৰ্গন্ধ। জালুক যকৃত ৰোগীৰ বাবে অতিকৈ উপকাৰী। ফেৰ্নজাইটিছ অসুখত দীৰ্ঘদিন ধৰি ভুগি থকা ৰোগীয়ে জালুক খালে উপশম হয়। পিত্ত ৰোগত আক্ৰান্ত হৈ থকা ৰোগীয়ে জালুক খাব লাগে। হাঁপানী ৰোগৰ বাবেও জালুক উপকাৰী। তিনি-চাৰিটামান জালুকৰ গুড়িৰ লগত সামান্য নিমখ মিহলাই খালে সৰু ল’ৰা-ছোৱালীৰ কৃমি নাশ হয়। সহজতে উপলব্ধ জালুক নিয়মিতভাৱে খোৱাৰ অভ্যাসৰ জৰিয়তে সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মৃত্যুক লৈ ব্যৱসায়! প্ৰাক্তন অভিযন্তাৰ কাণ্ডত তোলপাৰ বিশ্ব

মৃত্যুক লৈ ব্যৱসায়! কেতিয়াও নোহোৱা নোপোজা ঘটনা ঘটিল এইখন...

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান। ৮৯ বছৰ বয়সত মুম্বাইৰ...

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...