টেনিছ কেৰিয়াৰত কিমান টকা উপাৰ্জন কৰিছে ৰাফেল নাদালে?

ৰাফেল নাদালে দ্বিতীয়বাৰৰ বাবে অষ্ট্ৰেলিয়ান অপেন জয় কৰাৰ পিছত দেওবাৰে তেওঁৰ ২১ সংখ্যক একক গ্ৰেণ্ড শ্লেম জয় কৰে। ৩৫ বছৰীয়া খেলুৱৈজনে এতিয়ালৈকে ৯০টা একক খিতাপ আৰু ১১টা দ্বৈত খিতাপ জয় কৰিছে। ২০২২ চনত, তেওঁ দুটা একক খিতাপ জিকিছে আৰু ২,১৫৮,৫২০ ডলাৰ পুৰস্কাৰ লাভ কৰিছে। সামগ্ৰিকভাৱে, নাদালে তেওঁৰ কেৰিয়াৰত ১২৭,১২১,৩৮৫ ডলাৰ পুৰস্কাৰ হিচাপে লাভ কৰিছে।

নাদালে ১৫ বছৰ বয়সৰ পৰাই বৃত্তিমূলক টেনিছত সোমাই পৰে আৰু ইণ্টাৰনেচনেল টেনিচ ফেডাৰেচন বা চমুকৈ আইটিএফৰ দুটা জুনিয়ৰ ইভেণ্টত অংশগ্ৰহণ কৰে। ২০০২ চনৰ ২৯ এপ্ৰিলত ১৫ বছৰ ১০ মাহতেই তেওঁ ৰেম’ন ডেলগেড’ক পৰাজিত কৰি প্ৰথমখন এটিপি মেটচত বিজয় সাব্যস্ত কৰে। সেই সময়ত বিশ্ব ৰেংকিঙত তেওঁৰ স্থান আছিল ৭৬২।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...