নৱজোট সিং সিদ্ধুৰ সম্পত্তি দেখি আচৰিত হ’ব আপুনি! কিমান সম্পত্তিৰ মালিক তেওঁ?

পাঞ্জাৱৰ বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিছে কংগ্ৰেছ নেতা নৱজোট সিং সিদ্ধুয়ে। মনোনয়নৰ সৈতে দাখিল কৰা শপতনামা সিদ্ধুৱে উল্লেখ কৰা নিজৰ সা-সম্পত্তিৰ পৰিমাণ দেখি সম্প্ৰতি চকু থিয় হৈছে সকলোৰে। শপতনামাত উল্লেখ কৰা সা-সম্পত্তিৰ তালিকাত আছে বহু মূল্যৱান সম্পদৰ লগতে কেবা লাখ টকা মূল্যৰ হাতঘড়ীও।

অমৃতসৰ পূব সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰা সিদ্ধুৱে পত্নীৰ সা-সম্পত্তিৰ তালিকাও দাখিল কৰিছে শপতনামাত। শপতনামাত উল্লেখ কৰা মতে সিদ্ধুৰ আছে দুখনকৈ অত্যাধুনিক SUVৰ লগতে ৪৪ কোটি ৬৩ লাখ টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি। ইয়াৰ ভিতৰত আছে পত্নী তথা প্ৰাক্তন বিধায়ক নৱজোট কৌৰ সিদ্ধুৰ সা-সম্পত্তিৰ তালিকাও

সিদ্ধুৰ পত্নীৰ মুঠ সা-সম্পত্তিৰ পৰিমাণ হৈছে ৩ কোটি ২৮ লাখ টকা। ২০২০-২১ বৰ্ষত সিদ্ধুৰ মুঠ উপাৰ্জন আছিল ২২ লাখ ৫৮ হাজাৰ টকা। ইয়াৰ উপৰি সিদ্ধুৰ আছে ১ কোটি ১৯ লাখ মূল্যৰ এখন টয়’টা লেণ্ড ক্ৰুজাৰ আৰু ১১ লাখ ৪৩ হাজাৰ টকাৰ মূল্যৰ এখন টয়’টা ফৰচুনাৰ গাড়ীও। সিদ্ধু নিজৰ ৩০ লাখ টকাৰ আৰু পত্নীৰ নামত আছে ৭০ লাখ টকাৰ সোণৰ গহনা।

ইয়াৰ উপৰি আছে সিদ্ধুৰ এটা ৪৪ লাখ টকাৰ ঘড়ী। পাটিয়ালাত ৬টাকৈ শ্ব’ৰুমৰ গৰাকী নৱজোট সিং সিদ্ধু। কংগ্ৰেছ নেতাজনৰ বৰ্তমান উপাৰ্জনৰ উৎস হৈছে বিধায়ক ৰূপে লাভ কৰা দৰমহা, ভাড়া আৰু BCCIৰ পৰা লাভ কৰা পেঞ্চন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...