নৱজোট সিং সিদ্ধুৰ সম্পত্তি দেখি আচৰিত হ’ব আপুনি! কিমান সম্পত্তিৰ মালিক তেওঁ?

পাঞ্জাৱৰ বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিছে কংগ্ৰেছ নেতা নৱজোট সিং সিদ্ধুয়ে। মনোনয়নৰ সৈতে দাখিল কৰা শপতনামা সিদ্ধুৱে উল্লেখ কৰা নিজৰ সা-সম্পত্তিৰ পৰিমাণ দেখি সম্প্ৰতি চকু থিয় হৈছে সকলোৰে। শপতনামাত উল্লেখ কৰা সা-সম্পত্তিৰ তালিকাত আছে বহু মূল্যৱান সম্পদৰ লগতে কেবা লাখ টকা মূল্যৰ হাতঘড়ীও।

অমৃতসৰ পূব সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰা সিদ্ধুৱে পত্নীৰ সা-সম্পত্তিৰ তালিকাও দাখিল কৰিছে শপতনামাত। শপতনামাত উল্লেখ কৰা মতে সিদ্ধুৰ আছে দুখনকৈ অত্যাধুনিক SUVৰ লগতে ৪৪ কোটি ৬৩ লাখ টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি। ইয়াৰ ভিতৰত আছে পত্নী তথা প্ৰাক্তন বিধায়ক নৱজোট কৌৰ সিদ্ধুৰ সা-সম্পত্তিৰ তালিকাও

সিদ্ধুৰ পত্নীৰ মুঠ সা-সম্পত্তিৰ পৰিমাণ হৈছে ৩ কোটি ২৮ লাখ টকা। ২০২০-২১ বৰ্ষত সিদ্ধুৰ মুঠ উপাৰ্জন আছিল ২২ লাখ ৫৮ হাজাৰ টকা। ইয়াৰ উপৰি সিদ্ধুৰ আছে ১ কোটি ১৯ লাখ মূল্যৰ এখন টয়’টা লেণ্ড ক্ৰুজাৰ আৰু ১১ লাখ ৪৩ হাজাৰ টকাৰ মূল্যৰ এখন টয়’টা ফৰচুনাৰ গাড়ীও। সিদ্ধু নিজৰ ৩০ লাখ টকাৰ আৰু পত্নীৰ নামত আছে ৭০ লাখ টকাৰ সোণৰ গহনা।

ইয়াৰ উপৰি আছে সিদ্ধুৰ এটা ৪৪ লাখ টকাৰ ঘড়ী। পাটিয়ালাত ৬টাকৈ শ্ব’ৰুমৰ গৰাকী নৱজোট সিং সিদ্ধু। কংগ্ৰেছ নেতাজনৰ বৰ্তমান উপাৰ্জনৰ উৎস হৈছে বিধায়ক ৰূপে লাভ কৰা দৰমহা, ভাড়া আৰু BCCIৰ পৰা লাভ কৰা পেঞ্চন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...

প্ৰেম, সন্দেহ, হ/ত্যা…প্ৰেমৰ নামত আৰু কিমানে হেৰুৱাব লাগিব জীৱন?

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰিয়া হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাওঁতেই ৰাজ্যত...