আজিৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন

আজিৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন। ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ ভাষণেৰে সংসদৰ উভয় সদনতে আৰম্ভ হ’ব অধিৱেশনৰ কাম-কাজ। বাজেট অধিৱেশন আৰম্ভ হোৱাৰ পিছতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২১-২২ বিত্তীয় বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা দাখিল কৰিব। অহা পহিলা ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰীয়ে সদনত দাখিল কৰিব ২০২২-২৩ বৰ্ষৰ সাধাৰণ বাজেট।

পহিলা ফেব্ৰুৱাৰীত পুৱা ১১ বজাত বিত্তমন্ত্ৰী সীতাৰমনে সদনত কেন্দ্ৰীয় বাজেট দাখিল কৰিব আৰু এইবাৰ এয়া হ’ব সম্পূৰ্ণ ডিজিটেল বাজেট। সংসদৰ বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচী আজিৰপৰা অহা ১১ ফেব্ৰুৱাৰীলৈ চলিব। ইয়াৰ পিছতে নতুন বাজেট সম্পৰ্কত বিভিন্ন বিভাগত আবন্টিত পুঁজি আৰু আঁচনি সন্দৰ্ভত পৰ্যালোচনা কৰা হ’ব। অহা ১৪ মাৰ্চৰ পৰা বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায়ৰ কাম-কাজ আৰম্ভ হ’ব আৰু অধিৱেশনৰ অন্ত পৰিব অহা ৮ এপ্ৰিলত। বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায়ৰ ১০খন আৰু দ্বিতীয় পৰ্যায়ত ১৯খন বিশেষ বৈঠক অনুষ্ঠিত হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...