তিতাবৰত নিৰ্বাচনী হিংসা! কংগ্ৰেছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

নিশা তিতাবৰত সংঘটিত হয় নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা। ৯নং জালুকণিবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী পোনেশ্বৰ শইকীয়াৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰিলে নিৰ্দলীয় প্ৰাৰ্থী মঞ্জিত শইকীয়াৰ বাহনত।

সোমবাৰে ঘোষণা হোৱা ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনৰ ফলাফলত পৰাজিত হৈছিল কংগ্ৰেছ প্ৰাৰ্থী পোনেশ্বৰ শইকীয়া। সেই সমষ্টিটোত জয় লাভ কৰে বিজেপি প্ৰাৰ্থী। নিৰ্দলীয় প্ৰাৰ্থী মঞ্জিত শইকীয়াৰ বাবে পোনেশ্বৰ শইকীয়াই পৰাজয়বৰণ কৰা বুলি আক্ৰমণৰ লক্ষ্য কৰি লয় নিৰ্দলীয় প্ৰাৰ্থীজনক। মঞ্জিত শইকীয়াৰ বাহনত আক্ৰমণ কৰাৰ উপৰিও বাসগৃহত গৈও গালি গালাজ কৰা অভিযোগ কংগ্ৰেছৰ গুণ্ডাবাহিনীৰ বিৰুদ্ধে।

কেৱল ইমানেই নহয়, মঞ্জিত হাজৰিকাৰ বাহন চালককো আক্ৰমণ কৰে গুণ্ডাবাহিনীয়ে। ঘৰলৈ গৈ থকা অৱস্থাত চালকজনক আগভেটি ধৰি কৰে আক্ৰমণ। ইতিমধ্যে জালুকণিবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে নিৰ্দলীয় প্ৰাৰ্থী মঞ্জিত শইকীয়াই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...