দুপৰ টেঙাৰ আচৰিত ৯টা গুণ

দুপৰ টেঙা বা পাতে গজা এবিধ ঔষধি গুণ থকা ৰসাল উদ্ভিদ। পাতৰ পৰা বৃদ্ধি হয় বাবে ইয়াক পাতে গজা বুলি কোৱা হয়। দুপৰীয়া টেঙা হয় বাবে কোৱা হয় দুপৰ টেঙা। এই ভেষজ উদ্ভিদ বিধ বিশেষকৈ প্ৰস্ৰাবৰ বিভিন্ন ৰোগৰ বাবে মহৌষধি বুলি জনাজাত। সপ্তাহত তিনি দিন ইয়াৰ পাত ৰান্ধি বা চাটনি কৰি খালে প্ৰস্ৰাবৰ সকলো ৰোগ নিৰাময় হয়। তদুপৰি দুপৰ টেঙাই বৃক্কৰ পাথৰ নিৰাময়তো সহায়ক। দুপৰ টেঙাৰ পাত খালে পিত্তৰ পাথৰ, বৃক্কৰ পাথৰ গলাব পাৰে। প্ৰস্ৰাব বন্ধ হ’লে, জ্বলা-পোৰা হ’লে, হালধীয়া হ’লে কেইখিলামান পাত খুন্দি নাড়ীত লগাই থ’লে প্ৰস্ৰাব ভাল হয়। দুপৰ টেঙাই কৰ্কট ৰোগৰ কোষ বিকাশ ঘটিবলৈ নিদিয়ে। জুইয়ে পোৰা, উতলা পানী গাত পৰিলে কেঁচা পাতৰ প্ৰলেপ দিলে উপকাৰ পোৱা যায়। শুকান পাতৰ চাহ খালে হাপানী ৰোগ নিৰাময়ত সহায় কৰে। তদুপৰি মধুমেহ, জণ্ডিচ, চৰ্দি, কাঁহ, ৰক্ত চাপ, ফোহা, কাণৰ বিষ আদি বহু অসুখত ব্যৱহাৰ কৰিব পাৰি এই দুপৰ টেঙাৰ পাত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...