আকৌ বিতৰ্কত কোহলী, কাৰণ জানিলে আপোনাৰো উঠিব খং!

আকৌ এবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলি। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা এদিনীয়া শৃংখলাৰ অন্তিমখন মেচত খেল আৰম্ভ হোৱাৰ পূৰ্বে ৰাষ্ট্ৰীয় সংগীত গাই থকাৰ সময়ত কোহলিয়ে ‘চুইংগাম’ চবাই থকা পৰিলক্ষিত হৈছিল। আৰু ইতিম্যেই এই ঘটনাটোত লৈ সমগ্ৰ ক্ৰিকেট মহলত বিতৰ্কৰ সৃষ্টি হৈছে।

বহুতে কোহলিৰ এই ব্যৱহাৰৰ বাবে তেওঁক সমালোচনা কৰা দেখা গৈছে। ৰাষ্ট্ৰীয় সংগীত চলি থকাৰ সময়ত কেনেকৈ কোহলিয়ে ‘চুইংগাম’ চবাই থাকিব পাৰে বুলিও প্ৰশ্ন উত্থাপন কৰিছে অনুৰাগীয়ে।আনহাতে এদিনীয়া শৃংখলাত দক্ষিণ আফ্ৰিকাই ভাৰতক হোৱাইটৱাছ কৰে। অন্তিমখন এদিনীয়াত ৪ ৰানত পৰাজয় বৰণ কৰে ভাৰতে। আৰু যাৰ ফলত শৃংখলা ৩-০ ব্যৱধানত জয় কৰে দক্ষিণ আফ্ৰিকা বাহিনীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...