আধাৰ কাৰ্ডখন নকল নহয়তো? কিদৰে জানিব আপোনাৰ আধাৰ আচল নে নকল ?

আধাৰ কাৰ্ডক লৈ প্ৰৱঞ্চনাৰ ঘটনা বৃদ্ধি পাইছে। UIDAIৰ মতে যিকোনো ১২টা ডিজিটৰ সংখ্যা আধাৰ নম্বৰ নহয়। UIDAIৰ জাৰি কৰিছে সতৰ্কতা। আধাৰ কাৰ্ডখন আচল নে নকল জানিবৰ বাবে লগ-ইন কৰক UIDAIৰ ৱেবছাইটত। ইয়াৰ বাবে https://resident.uidai.gov.in/verify লিংকত লগ-ইন কৰক। ৱেবছাইটত ক্লিক কৰাৰ লগে লগে এটি নতুন পেজ খোল খাব। ইয়াত এটা টেক্সট বক্স দেখা যাব য’ত নিজৰ আধাৰ নম্বৰ দিব লাগিব। আধাৰ নম্বৰ দিয়াৰ পাছত কেপচা কোড দিব লাগিব। তাৰ পাছত ভেৰিফাই বটনত ক্লিক কৰিব লাগিব। আধাৰ নম্বৰ সঠিক হ’লে এটা নতুন পেজ খোল খাব। এই পেজটোত দেখা পাব আপোনাৰ আচল আধাৰ নম্বৰ। ইয়াৰ লগতে আপোনাৰ বয়স, লিংগ তথা ৰাজ্যৰ নাম দেখা পাব। আনহাতে, যদিহে আধাৰ সম্বন্ধীয় কোনো সমস্যা আছে, তেন্তে টোল ফ্ৰী 1947 নম্বৰত ফোন কৰি অভিযোগ দাখিল কৰিব পাৰে। অন্যথা help@uidai.gov.inত ইমেইল কৰিও অভিযোগ জনাব পাৰিব। আধাৰ নম্বৰৰ বাবে mAadhaar এপটো সবিশেষ জানিব পাৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...