ঢেকীয়া শাকে বৃদ্ধি কৰে যৌনশক্তি, ঢেকীয়াৰ আছে আচৰিত পুষ্টিগুণ

আমাৰ অতি পৰিচিত এবিধ খাদ্য ঢেকীয়া। ঢেকীয়া বা ফিডলহেড ফাৰ্নছ অসমৰ পৰিৱেশত অতি সহজে হোৱা এবিধ উদ্ভিদ। পৃথিৱীত প্ৰায় ১০ হাজাৰ ঢেকীয়াবৰ্গৰ প্ৰজাতি থকাৰ কথা প্ৰকাশ কৰে বিজ্ঞানীসকল। অৱশ্যে উত্তৰ-পূৰ্বাঞ্চলত ৫ বিধ ঢেকীয়াহে সচৰাচৰ উপলব্ধ। ঢেকীয়াত থাকে শৰীৰৰ উপকাৰী আইৰণ, ফছফৰাছ, প্ৰটিন, ভিটামিন এ, ভিটামিন চি, ভিটামিন ই, বিতা কেৰোটিন, এণ্টেঅক্সিডেণ্ট, কেলচিয়াম ইত্যাদি।

ঢেকীয়াত থকা ভিটামিন এৰ সহায়ত দৃষ্টিশক্তিৰ উন্নতিত সহায়ক। তাৰোপৰি লিভাৰৰ অসুখ নিৰাময়ত ঢেকীয়াই সহায় কৰে। জণ্ডিচ, টিউমাৰ, ভাইৰাচজনিত ৰোগৰ পৰা উপশম পোৱাটো সহায়ক। হাড়ৰ গঠনৰ বাবে উপকাৰী কেলচিয়াম, ফচফৰাছ পোৱা যায় ঢেকীয়াত। ঢেকীয়াত আছে বাতনাশক গুণ। মহিলাৰ স্তন ৰোগ দূৰ কৰাৰ বাবে উপকাৰী। প্ৰসৱৰ পিছত হোৱা স্তনৰ বিষ আৰু মাতৃদুগ্ধৰ উন্নতিতো সহায়ক বুলি চিকিত্সকসকলে প্ৰকাশ কৰে। বক্ষৰোগ, কাঁহ-শ্বাসজনিত ৰোগ, হাওঁফাওঁৰ কৰ্কটৰোগ উপশমৰ ক্ষেত্ৰতো উপযোগী। মধুমেহ ৰোগীৰ বাবেও উপকাৰী ঢেকীয়া। যৌনশক্তি আৰু শক্তিবৰ্ধক হিচাপেও সহায়ক ঢেকীয়া।

আনহাতে, ঢেকীয়া মূত্ৰনলী বা ইউৰিনেৰীৰ সংক্ৰমণৰ ক্ষেত্ৰতো উপকাৰী। ফিটা পেলু নাশ, কোষ্ঠকাঠিন্য দূৰ কৰাৰ বাবেও উপযোগী। আনহাতে, ঢেকীয়াৰ শিপাৰ গুড়িৰ পাউদাৰ লগালে ঘা শুকায় বুলি কোৱা হয়৷ ঢেকীয়া শাকত বিকিৰণ ৰোধক গুণো থাকে। ঢেকীয়াৰ শিপাৰ চাহ বনাই খালে হাওঁফাওঁত অক্সিজেনৰ প্ৰবাহ ভাল হোৱাৰ লগতে উশাহ লোৱাৰ কষ্ট দূৰ হোৱাটো সহায় কৰে৷ ঢেকীয়াত থকা পটিচিয়ামে উচ্চ ৰক্তচাপ হ্ৰাস কৰাতো সহায় কৰে। অৱশ্যে নিয়মীয়াকৈ অসমত পোৱা সকলোবোৰ সেউজীয়া শাক-পাচলিতে কম-বেছি পৰিমাণে বিবিধ পুষ্টিগুণ পোৱা যায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...