WhatsAppত এইকেইটা কাম ভুলটো নকৰিব, নহ’লে বিপদত পৰিব গ্ৰাহক!

ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে নিশ্চয় WhatsApp দৈনিক ব্যৱহাৰ কৰে। আন দেশৰ কথা কবই নালাগে, আমাৰ দেশতে কোটি কোটি ব্যৱহাৰকাৰী আছে। কিন্তু গ্ৰাহকৰ নিজৰ ভুলৰ বাবে কেতিয়াবা বিপদত পৰিব পাৰে। কি কি কামৰ পৰা আঁতৰত থাকিব লাগে।
• ভুৱা বাৰ্তা বা ভিডিঅ’ প্ৰেৰণ কৰাৰ পৰা আঁতৰত থাকক। বিশেষকৈ হিংসাৰ প্ৰচাৰ কৰা বা হিংসা বিয়পোৱা একাউণ্ট বন্ধ কৰি দিব পাৰে WhatsApp-এ।
• যদি আপুনি কাৰোবাৰ ভুৱা একাউণ্ট সৃষ্টি কৰে, WhatsApp-এ আপোনাৰ একাউণ্ট নিষিদ্ধ কৰিব পাৰে।
• যদি আপোনাৰ সম্পৰ্ক তালিকাত নথকা ব্যক্তিক অত্যাধিক বাৰ্তা প্ৰেৰণ কৰে, WhatsApp-এ আপোনাক নিষিদ্ধ কৰিব পাৰে।
• যদি আপুনি তৃতীয় পক্ষৰ এপ, উদাহৰণস্বৰূপে হোৱাটছএপ ডেল্টা, জিবিহোৱাটছএপ, হোৱাটছএপ প্লাছ আদি ব্যৱহাৰ কৰে, তেনে ক্ষেত্ৰতো গ্ৰাহকে বিপদত পৰিব পাৰে। পৰাপক্ষত হোৱাটছএপৰ অৰিজিনেল ভাৰ্জন ব্যৱহাৰ কৰিব লাগে।
• যদি আপোনাক বহু সংখ্যক ব্যৱহাৰকাৰীয়ে ব্লক কৰিছে, হোৱাটছএপে আপোনাক নিষিদ্ধ কৰিব পাৰে।
• বহুলোকে ইচ্ছাকৃতভাবে বা উদ্দেশ্যপ্ৰণোদিতভাবে হোৱাটছএপ একাউণ্টৰ বিৰুদ্ধে ৰিপ’ৰ্ট দিয়ে, এনে ক্ষেত্ৰতো নিষিদ্ধ বা ব্যৱস্থা লব পাৰে।
• মালৱেৰ বা ফিছিং লিংক প্ৰেৰণ কৰিলেও হোৱাটছএপে আপোনাক নিষিদ্ধ কৰিব পাৰে।
• WhatsAppৰ জৰিয়তে অশ্লীল ক্লিপ, ভাবুকি বা মানহানিকৰ বাৰ্তা প্ৰেৰণ নকৰিব। অশ্লীল বা বিতৰ্কিত আৰু আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰিলেও গ্ৰাহকৰ বিপদ অনিবাৰ্য!

অৱশ্যে সাৱধানী লোকৰ মৰণ নাই। অচিনাকী ব্যক্তিক মেছেজ কৰাৰ পূৰ্বে সাৱধান হোৱা ভাল!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...