শিলচৰলৈ এদিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আজি শিলচৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এদিনীয়া কাৰ্যসূচীৰে বৰাক উপত্যকালৈ যাব মুখ্যমন্ত্ৰীগৰাকী। পুৱা ১০ বজাত কুম্ভীৰগ্ৰাম বিমানবন্দৰত অবতৰণ কৰিব৷ বিমানবন্দৰৰ পৰা পোনে পোনে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ কেথ লেব উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ লগতে হাস্পতালখনৰ চিকিত্সা বিষয়া আৰু বিশেষজ্ঞ চিকিত্সকৰ সৈতে বিভিন্ন সা-সুবিধা, আন্তগাঁথনি আৰু শেহতীয়া পৰিস্থিতিৰ বুজ ল’ব। শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা অসম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত উপস্থিত হৈ বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসত ভাগ ল’ব মুখ্যমন্ত্ৰীয়ে। ইয়াৰ লগতে দুপৰীয়া জিলা উপায়ুক্ত কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত ভাগ লৈ জিলাখনৰ সমস্যাৰাজীৰ বুজ ল’ব। পৰ্যালোচনা বৈঠকৰ পিছতে আবেলি পুনৰ গুৱাহাটীলৈ ঘূৰি আহিব মুখ্যমন্ত্ৰীগৰাকীয়ে। দিল্লীৰ পৰা অহাৰ পিছত আজি শিলচৰলৈ ৰাওনা হব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...