শ্রীশ্রী মইনবড়ি সত্ৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

ঐতিহাসিক শ্রীশ্রী মইনবড়ি সত্ৰত সেৱা আগবঢ়ালে মুখ্যমন্ত্রী ড° শৰ্মাই

পূৰ্বৰ স্থানত মইনবড়ি সত্ৰখন পুনৰ গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে পদক্ষেপ ল’ব: মুখ্যমন্ত্রী

অসমৰ কৃষিজীৱী ৰাইজৰ কৰ্ম প্ৰেৰণাৰ উৎস মাঘবিহুৰ উৰুকাৰ পৱিত্ৰ দিনটোত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বৰপেটা জিলাৰ সৰভোগস্থিত ঐতিহাসিক শ্রীশ্রী মইনবড়ি সত্ৰত উপস্থিত হৈ ৰাজ্য তথা দেশবাসীৰ সুখ, সমৃদ্ধি আৰু কুশল মংগলৰ বাবে গুৰু আসনত সেৱা আগবঢ়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

এই উপলক্ষে সত্ৰখনত আয়োজিত এক অনুষ্টুপীয়া কাৰ্যসূচীত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰী ড° শর্মাই কয় যে ঐতিহাসিক শ্ৰীশ্ৰী মইনবড়ি সত্ৰৰ এক সুন্দৰ ইতিহাস আছে। তেওঁ কয় যে নাৰায়ণ দাস ঠাকুৰ আতাই প্রতিষ্ঠা কৰা সময়ৰে পৰা এই সত্ৰখনৰ যি প্ৰত্যাহ্বানৰ যাত্ৰা, সেই সম্পৰ্কে ৰাজ্যত বিশদভাৱে আলোচনা হৈছে। সত্ৰখনৰ তৰফৰ পৰা আন্তগাঁথনি সৱলীকৰণৰ বাবে এখন আৱেদন লাভ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই আৱেদনৰ ভিত্তিত সত্ৰখনৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়োজনীয় পুঁজি যোগান ধৰাৰ লগতে যাৱতীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব। তদুপৰি পূৰ্বে যি স্থানত এই সত্ৰখন প্ৰতিষ্ঠা কৰা হৈছিল, সেই ঠাইত সত্ৰখন পুনৰ গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে পদক্ষেপ ল’ব।

মুখ্যমন্ত্ৰী ড° শৰ্মাই এই পৰিদৰ্শনৰ সময়ত সত্ৰখনৰ চৌহদত এটি গছ পুলি ৰোপন কৰাৰ লগতে উপস্থিত ভক্তপ্ৰাণ ৰাইজৰ লগত মত বিনিময় কৰি সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনায়। মুখ্যমন্ত্রী ড° শৰ্মাই সত্ৰখনত সেৱা আগবঢ়োৱা সময়ত নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ, সত্ৰাধিকাৰ গণেশ চন্দ্ৰ অধিকাৰী, ডেকা সত্ৰাধিকাৰ ধৰ্মেশ্বৰ অধিকাৰীৰ লগতে বহুসংখ্যক ভকত-বৈষ্ণৱ উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...