বন্দুকৰে নহয় কৃষি বিপ্লৱেৰে স্বাৱলম্বী হৈছে প্ৰাক্তন NDFB কেডাৰ

কৃষি বিপ্লৱেৰে স্বাৱলম্বী হোৱাৰ সপোন প্ৰাক্তন NDFB কেডাৰৰ। বন্দুকতকৈ কৃষি কৰ্মই শ্ৰেয় বুলি মন্তব্য প্ৰাক্তন NDFB কেডাৰৰ।

এসময়ত হাতত অস্ত্ৰ তুলি লৈ সন্ত্ৰাস সৃষ্টি কৰা প্ৰাক্তন এন ডি এফ বি কেডাৰ একাংশই কৃষি বিপ্লৱেৰে আৰম্ভ কৰিবলৈ লৈছে নতুন জীৱন ৷

বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ নতুন শ্ৰীপুৰত প্ৰায় পঞ্চাশ বিঘা কৃষিভূমি লিজত লৈ “উদাং আৰনাই চচাইটি” নামেৰে এটি সেচ্ছাসেৱী সংগঠনৰ জন্ম দি ২১ জনীয়া NDFB কেডাৰে সূচনা কৰিছে এক নতুন কৃষি বিপ্লৱৰ ৷

গৰুখুটিৰ কৃষি ফাৰ্মৰ আৰ্হিত এখন কৃষি ফাৰ্ম কৰাৰ পৰিকল্পনা এই সকল প্ৰাক্তন সহস্ত্ৰ বিপ্লৱী সংগঠনৰ কেডাৰৰ ৷ প্ৰায় পঞ্চাশ বিঘা কৃষি ভূমিত ৰোপন কৰা সৰিয়হ, আলু আৰু মটৰমাহ এটিয়া লহ-পহকৈ বাঢ়িবলৈ লৈছে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...