বনভোজলৈ যাব নিদিয়াৰ বাবে আত্মহনন ছাত্ৰীৰ!

পিতৃয়ে বনভোজ খাবলৈ যাব নিদিয়াৰ বাবে আত্মহননৰ পথ বাচি ল’লে এগৰাকী ছাত্ৰীয়ে। মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত পাথৰকুঁৱাৰীৰ বিষ্ণু নগৰত সংঘটিত হয় এই ঘটনা। তৰুণ শইকীয়া নামৰ লোকজনৰ কন্যা ভায়োলিনা শইকীয়াই দেওবাৰে সতীৰ্থ ছাত্ৰ-ছাত্ৰীসকলৰ লগত পানীখাইটিৰ হাতীশিলালৈ যাবলৈ ওলাইছিল।

কিন্তু পিতৃয়ে এই কাৰ্যত বাধা প্ৰদান কৰাত স্নাতক প্ৰথম ষান্মাসিকৰ ছাত্ৰীগৰাকীয়ে ঘৰত কোনো নথকা সুযোগ লৈ বাথৰুমত চিপ লৈ আত্মহত্যা কৰে। সন্ধিয়া পিতৃয়ে ঘৰলৈ উভতি আহি বাথৰূমত কন্যাৰ মৃতদেহ ওলমি থকা দেখি নুনমাটি থানাত খবৰ দিয়ে। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে। আনহাতে এই ঘটনাক ৰহস্যজনক আখ্যা দিয়ে অঞ্চলটোৰ একাংশ লোকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...