অসমৰ কৃষকৰ বাবে আবণ্টিত ৰসায়নিক সাৰ সৰবৰাহ হৈছে বহিঃৰাজ্যলৈ

হাইলাকান্দিত জব্দ ৫৫০ বস্তা ইউৰিয়া সাৰ। অসমৰ কৃষকৰ বাবে আবণ্টিত ৰসায়নিক সাৰ সৰবৰাহ হৈছে বহিঃৰাজ্যলৈ। অসমৰ পৰা মিজোৰামলৈ অবৈধভাবে সৰবৰাহ কৰি থকা অৱস্থাত হাইলাকান্দিত জব্দ ৫৫০ বস্তা ইউৰিয়া সাৰ। শুকুৰবাৰে নিশা হাইলাকান্দি আৰক্ষীয়ে জিলাখনৰ জামিৰা এলেকাত এখন ট্ৰাকৰ পৰা জব্দ কৰে এই বৃহৎ পৰিমাণ সাৰখিনি। গোপন সূত্ৰৰ পম খেদি জামিৰাত আৰক্ষীয়ে WB 75 6760 নম্বৰৰ ট্ৰাকখন নিয়মীয়া তালাচীত ১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে। গাড়ীৰ চালকৰ লগতে এই সাৰ সৰবৰাহৰ কোনো বৈধ নথি নথকাৰ বাবে আৰক্ষী চালক জনক গ্ৰেপ্তাৰ কৰি সোধা-পোছা আৰম্ভ কৰে। বৰ্তমানে এই সাৰ সৰবৰাহ ব্যবসায়ৰ আৰত থকা চক্ৰৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...