মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব ভগৱন্ত মান, কাৰ হাতলৈ যাব পঞ্জাৱ?

নিৰ্বাচনমুখী ৰাজ্যসমূহত প্ৰতিটো দলে অব্যাহত ৰাখিছে তত্পৰতা। কি শাসক, কি বিৰোধী কোনো দলে পিছ পৰি ৰোৱা নাই। প্ৰতিটো দলে নিজৰ নিজৰ কৌশলেৰে প্ৰাৰ্থীসকলক আকৰ্ষণৰ প্ৰয়াস ৰাজনৈতিক দলসমূহৰ। পঞ্জাৱত সকলোতকৈ আগেয়ে আম আদমী পাৰ্টিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম চূড়ান্ত হৈছে। আম আদমী পাৰ্টিৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী হ’ব ভগৱন্ত মান। শীঘ্ৰেই আনুষ্ঠানিকভাবে ঘোষণা কৰিব পাৰে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম।


আপে পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবলৈ সাজু হৈছে। ভগৱন্ত মানৰ নাম চূড়ান্ত কৰি নিৰ্বাচন প্ৰতিদ্বন্দ্বিতাৰ সিদ্ধান্ত লৈছে। শীঘ্ৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব পাৰে ভগৱন্ত মানৰ নাম। যদিহে ঘোষণা কৰে আম আদমী পাৰ্টি হ’ব পঞ্জাৱৰ প্ৰথম দল যিয়ে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব। আপৰ পিএচি বৈঠকত আপৰ হৈ সাংসদ ভগৱন্ত মানক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ৰূপে চিহ্নিত কৰাৰ ক্ষেত্ৰত সন্মত হৈছে। ২০১৭ চনৰ নিৰ্বাচনতো ভগৱন্ত মানৰ নাম আলোচনা কৰা হৈছিল যদিও দলটোৱে তেতিয়া কোনো মুখ্যমন্ত্ৰী প্ৰাৰ্থী ঘোষণা কৰা নাছিল।


উল্লেখ্য যে, ভগৱন্ত মান পঞ্জাৱৰ চাংৰুৰ লোকসভা সমষ্টিৰ সাংসদ। একেৰাহে দুবাৰকৈ সমষ্টিটোৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছে। ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে ভগৱন্ত মান জনপ্ৰিয় হেছ শিল্পী আছিল। ভগৱন্ত মানে মনপ্ৰীত সিং বাদলৰ পঞ্জাৱ পিপলছ পাৰ্টিৰ সৈতে নিজৰ ৰাজনীতি আৰম্ভ কৰিছিল। পিছলৈ আম আদমী পাৰ্টিত যোগদান কৰিছিল ভগৱন্ত মানে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...