সাৱধান! অসম পালেহি অ’মিক্ৰন, মেঘালয়ৰো ৪জন আক্ৰান্ত অ’মিক্ৰনত

অসম পালেহি অ’মিক্ৰন, অসমৰ এজন লোকৰ দেহত ধৰা পৰিছে অ’মিক্ৰনৰ সংক্ৰমণ। মেঘালয়লৈ গৈছিল অসমৰ আক্ৰান্ত লোকজন। মেঘালয়ত কৰা ক’ভিড টেষ্টত ধৰা পৰে অ’মিক্ৰনৰ সংক্ৰমণ। মেঘালয়ত মুঠ ৫জনৰ দেহত ধৰা পৰিছে অমিক্ৰনৰ সংক্ৰমণ। আক্ৰান্ত এজন লোক অসমৰ, বাকী কেইজন মেঘালয়ৰ। আক্ৰান্ত দুজনৰ ঘৰ ইষ্ট খাচী হিল্ছ জিলাত। আন দুজনৰ ঘৰ ৰিভৈ জিলাত। ইয়াৰে ছাইদেনৰ দুটা, লেংকিৰ্ডিং, হেপ্পী ভেলী আৰু লাইটুমুখৰাহৰ এটা ঘটনা পোহৰলৈ আহিছে। কভিড পজিটিভ পোৱাৰ পিছতে আক্ৰান্তৰ নমুনাৰ জিনম পৰীক্ষা কৰা হৈছিল। সেই অনুসৰি মঙলবাৰে ৫জনৰ দেহত ধৰা পৰে অমিক্ৰন।

ইষ্ট খাচী হিল্ছ জিলাত ধৰা পৰা লোককেইজনৰ এজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা অহাৰ বিপৰীতে আনজন দিল্লীৰ পৰা আহিছিল। আনহাতে, ৰিভৈ জিলাত ধৰা পৰা আক্ৰান্ত দুজনৰ কোনো ভ্ৰমণ বৃত্তান্ত নাই। অৱশ্যে অমিক্ৰন পজিটিভ আটাইকেইজন লোকক পৃথকে ৰখা হৈছে আৰু সকলোৰে চিকিত্সা চলি আছে। কভিড সংক্ৰমণ ৰুধিবলৈ সম্পৰ্ক ট্ৰেচিং চলি আছে আৰু সকলোৰে কভিড পৰীক্ষা কৰোৱাৰ কথা সদৰি কৰিছে মেঘালয়ৰ স্বাস্থ্য বিভাগে।

ইয়াৰ পূৰ্বে, অমিক্ৰনৰ ঘটনা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত মেঘালয় চৰকাৰে ৰাজ্যখনত নতুন নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লৈছিল। মুখ্যমন্ত্ৰী কনৰাড চাংমাই সোমবাৰে প্ৰকাশ কৰিছিল যে চৰকাৰে ৰাজ্যখনত গণ সমাৱেশৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ সিদ্ধান্ত লৈছে। শ্বিলং চহৰত ব্যক্তিগত বাহনৰ চলাচলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিব চৰকাৰে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে মণিপুৰত উত্তৰ-পূবৰ প্ৰথমটো অমিক্ৰনৰ ঘটনা পোহৰলৈ আহিছিল। টাঞ্জানিয়াৰ পৰা ঘূৰি অহা ৫২ বছৰীয়া ব্যক্তিজনৰ দেহত অমিক্ৰন পজিটিভ পোৱা গৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সম্পৰ্কবোৰত ঘুণে ধৰিছে নেকি!

পত্নী নিৰুদ্দেশ হোৱা বুলি ফেচবুকত পোষ্ট নেতা নৰেন তাঁতীৰ।...

ইৰাণৰ সৈতে সংঘৰ্ষৰ মাজতে গাজা আক্ৰমণ ইজৰাইলৰ

ইৰাণৰ সৈতে চলি থকা সংঘাতৰ মাজতো ইজৰাইলে গাজাত আক্ৰমণ...

শিশুৰ মাজত দায়িত্ববোধৰ অভাৱ? সমাধানৰ উপায় দিলে ছানী লিয়নে

অভিনয়ত সময় দিয়াৰ লগতে অভিনেত্ৰী ছানী লিয়নে তেওঁৰ পৰিয়ালৰ...

ট্ৰাম্পৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱত ইজৰাইলৰ সন্মতি, ইৰাণৰ অৱস্থান এতিয়াও অস্পষ্ট

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰস্তাৱিত যুদ্ধবিৰতিত ইজৰাইলে সন্মতি জনাইছে।...