পূজাৰা-ৰাহানেৰ ব্যৰ্থতা অব্যাহত, দলৰ পৰা বাহিৰ কৰিবলৈ আহ্বান অনুৰাগীৰ!

আকৌ এবাৰ ভাল প্ৰদৰ্শন দাঙি ধৰিবলৈ ব্যৰ্থ হ’ল ভাৰতীয় টেষ্ট দলৰ দুই গুৰত্বপূৰ্ণ বেটছমেন চেতেশ্বৰ পূজাৰা আৰু আজিংক্য ৰাহানেই। জোহান্সবাৰ্গত অনুষ্ঠিত হৈ থকা দ্বিতীয় টেষ্টত পূজাৰাই ৩ আৰু ৰাহানে ০ ৰাণ কৰি পেভিলিয়ন মুখি হয়।

ইতিমধ্যে বিগত দিনবোৰত হতাশজনক বেটিঙৰ বাবে কঠোৰ সমালোচনাৰ সন্মুখীন হ’ব লগা হৈছে চেতেশ্বৰ পূজাৰা আৰু আজিংক্য ৰাহানেই। দুজন কৈ আগশাৰী বেটছমেনৰ এনে দুৰ্বল ৰূপ এতিয়া চিন্তাৰ বিষয় হৈ উঠিছে টিম ইণ্ডিয়াৰ বাবে।

কাৰণ বিদেশৰ মাটি হওঁক বা ঘৰুৱা খেলতে হওক পূজাৰা আৰু ৰাহানে বহুবাৰ টীম ইণ্ডিয়াক নিজৰ বেটিঙৰ সহায়ত সমস্যাৰ পৰা বাহিৰলৈ লৈ যাবলৈ সক্ষম হৈছিল। জোহান্সবাৰ্গ টেষ্টৰ প্ৰথম ইনিংছত দুৰ্বল প্ৰদৰ্শনৰ পিছত, ছ’চিয়েল মিডিয়াত ভাৰতীয় অনুৰাগীয়ে এতিয়াৰ পৰা প্ৰশ্ন সুধিবলৈ আৰম্ভ কৰিছে যে ৰাহানে আৰু পূজাৰাই শেষবাৰৰ বাবে একেলগে টেষ্ট মেচ খেলি আছে নেকি।

আনহাতে, ৰাহানে যোৱা ১৯ খন টেষ্ট ইনিংছত মাত্ৰ এটা অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁ ২০২০ চনৰ পিছত এটাও শতক অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই। ৰাহানেৰ এই প্ৰদৰ্শনলৈ লক্ষ্য কৰিলে, তৃতীয় টেষ্ট খনত তেওঁৰ স্থানত টীম ইণ্ডিয়াৰ আন কাৰোবাক দিব পাৰে বুলি মন্তব্য কৰিছে ক্ৰিকেট অনুৰাগীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দৈনিক কিমান কাপ কফি খোৱাটো শৰীৰৰ বাবে ভাল? কফি কেনেকৈ খোৱাটো বেছি উপকাৰী?

দৈনিক কফি খোৱাৰ অভ্যাস আছে নেকি? হৃদৰোগ বিশেষজ্ঞ আৰু...

হৃদযন্ত্ৰৰ নিজস্ব ক্ষুদ্ৰ ‘মগজু’ আছে; আৱিষ্কাৰ কৰিছে বিজ্ঞানীসকলে

বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে যে মানুহৰ হৃদযন্ত্ৰত নিজাকৈ এটা সৰু...

চৰাইদেউ আৰু শিৱসাগৰ জিলাত বান বিভীষিকা

এসপ্তাহ পূৰ্বে আচম্বিতে প্ৰলয় নামি আহিছিল চৰাইদেউ আৰু শিৱসাগৰ...