সংগীতজ্ঞ এ আৰ ৰহমানৰ জীয়ৰী খাতিজাৰ বিয়া, দৰা কোন জানেনে?

সংগীতজ্ঞ এ আৰ ৰহমানৰ জীয়ৰীৰ শুভ পৰিণয়। ৰহমানৰ কন্যা খাতিজা ৰহমানে ছাউণ্ড ইঞ্জিনীয়াৰ ৰিয়াদিন শঈক মহম্মদৰ সৈতে বিবাহপাশত আবদ্ধ হয়। খাতিজাই বিয়াৰ পিছতে ইনষ্টাগ্ৰামত বিয়াৰ ফটো কোলাজ প্ৰকাশ কৰিছিল য’ত বিয়াৰ কেইবাখনো ফটো প্ৰকাশ কৰিছিল।

২৯ ডিচেম্বৰৰ বাগদানৰ সময়তো মুখত মাস্ক পৰিধান কৰি আছিল খাতিজাই। খাতিজা ৰহমানে বিয়াত গহনা আৰু মালাৰ সৈতে গুলপীয়া আৰু ৰূপালী ৰঙৰ পোছাক পিন্ধিছিল। ২৯ ডিচেম্বৰৰ বাগদানত একে ৰঙৰ মাস্ক পিন্ধিছিল। বিয়াৰ অনুষ্ঠানৰ স্বামীৰ ফটো পোষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ বাগদত্তাৰ এখন ক’লা আৰু বগা ফটোহে প্ৰকাশ কৰিছে।


পোষ্টটো শ্বেয়াৰ কৰি খাতিজাই লিখিছে, “সৰ্বশক্তিমানৰ আশীৰ্বাদত, আপোনালোকক জনাওঁ যে, এজন উচ্চাকাংক্ষী উদ্যোগী আৰু এজন উইজকিড অডিঅ’ অভিযন্তাৰ সৈতে মোৰ জীৱন উচৰ্গা কৰি আনন্দিত হৈছো। মোৰ জন্মদিনৰ দিনা ২৯ ডিচেম্বৰত ঘনিষ্ঠ পৰিয়াল আৰু প্ৰিয়জনৰ উপস্থিতিত এই বাগদান সম্পন্ন হৈছে। উল্লেখ্য যে, প্ৰায়ে হিজাব পৰিধান কৰা সংগীতজ্ঞগৰাকীৰ কন্যাই ডুবাইৰ এক অনুষ্ঠানত গীত পৰিৱেশন কৰি সকলোৰে হৃদয় জিনিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ACS বিষয়া দেৱেশ্বৰ বৰা অনিয়মৰ কাহিনী শুনিলে আপোনাৰে চকু কপালত উঠিব

প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ৰ এগৰাকী বিষয়াৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতি আৰু...

বিধানসভালৈ পুনৰ আহি আছে অগ্নিকন্যা; নন্দীগ্ৰামত চলিবনে মমতা বেনাৰ্জীৰ যাদু?

পুনৰ চৰ্চাত পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী। ২০২৬...

স্মৃতিৰ এবছৰ, ন্যায়ৰ অপেক্ষাঃ প্ৰবাসী অসমীয়াৰ ভাষ্যই ন্যায় প্ৰাপ্তিত সহায় কৰিবনে ঈশ্বৰ পুত্ৰৰ!

হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানো...

পত্নীৰ পাছত কোন টাৰ্গেট এইবাৰ ৰামানুজৰ! আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি ৰামানুজৰ

পত্নীৰ পাছত কোন টাৰ্গেট এইবাৰ ৰামানুজৰ? কাৰাগাৰৰ পৰা ওলাই...