ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় টেষ্ট, শৃংখলা দখলৰ লক্ষ্য টীম ইণ্ডিয়াৰ

আজিৰে পৰা ভাৰত-দক্ষিণ আফ্ৰিকাৰ শৃংখলাৰ দ্বিতীয় টেষ্ট। দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ ৱাণ্ডাৰাৰ্ছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেলখন। এই টেষ্টখনত জয়লাভ কৰিলেই শৃংখলা হস্তগত কৰিব ভাৰতীয় ক্ৰিকেট দলে। ইতিমধ্যে শৃংখলাত ১-০ৰ অগ্ৰগতিত আছে টীম ইণ্ডিয়া। ইফালে এইপৰ্যন্ত ৱাণ্ডাৰাৰ্ছ ষ্টেডিয়ামত খেলা এখনো টেষ্টত পৰাস্ত হোৱা নাই টীম ইণ্ডিয়া। পূৰ্বতে খেলা ৫খন মেচতে জয়লাভ কৰিছিল ভাৰতে। মেচখনত সালসলনি হ’ব পাৰে ভাৰতীয় দলৰ মূল একাদশ। শ্ৰেয়স আয়াৰে স্থান লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা। প্ৰতিকূল বতৰে খেলখনত ব্যাঘাত জন্মাব পাৰে, বতৰে বিধিপথালি নিদিলে আহিব পাৰে ভাল খবৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...

মণিপুৰৰ কামজঙত পুনৰ হিংসাত্মক ঘটনা; গুলীত প্ৰাণ গ’ল ৫ সন্তানৰ মাতৃৰ, জ্বলাই দিলে কেইবাটাও ঘৰ

মণিপুৰৰ সংঘাতজৰ্জৰিত পৰিস্থিতিৰ মাজতে কামজং জিলাত পুনৰ হিংসাত্মক ঘটনা।...

ৰাষ্ট্ৰসংঘত পাকিস্তানক কঠোৰ সমালোচনা ভাৰতৰ; জম্মু-কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ বুলি পুনৰ স্পষ্ট ঘোষণা ভাৰতৰ

জম্মু-কাশ্মীৰক লৈ ৰাষ্ট্ৰসংঘত পাকিস্তানক তীব্ৰ সমালোচনা কৰিছে ভাৰতে। জম্মু-কাশ্মীৰ...