সংগীতজ্ঞ এ আৰ ৰহমানৰ জীয়ৰী খাতিজাৰ বিয়া, দৰা কোন জানেনে?

সংগীতজ্ঞ এ আৰ ৰহমানৰ জীয়ৰীৰ শুভ পৰিণয়। ৰহমানৰ কন্যা খাতিজা ৰহমানে ছাউণ্ড ইঞ্জিনীয়াৰ ৰিয়াদিন শঈক মহম্মদৰ সৈতে বিবাহপাশত আবদ্ধ হয়। খাতিজাই বিয়াৰ পিছতে ইনষ্টাগ্ৰামত বিয়াৰ ফটো কোলাজ প্ৰকাশ কৰিছিল য’ত বিয়াৰ কেইবাখনো ফটো প্ৰকাশ কৰিছিল।

২৯ ডিচেম্বৰৰ বাগদানৰ সময়তো মুখত মাস্ক পৰিধান কৰি আছিল খাতিজাই। খাতিজা ৰহমানে বিয়াত গহনা আৰু মালাৰ সৈতে গুলপীয়া আৰু ৰূপালী ৰঙৰ পোছাক পিন্ধিছিল। ২৯ ডিচেম্বৰৰ বাগদানত একে ৰঙৰ মাস্ক পিন্ধিছিল। বিয়াৰ অনুষ্ঠানৰ স্বামীৰ ফটো পোষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ বাগদত্তাৰ এখন ক’লা আৰু বগা ফটোহে প্ৰকাশ কৰিছে।


পোষ্টটো শ্বেয়াৰ কৰি খাতিজাই লিখিছে, “সৰ্বশক্তিমানৰ আশীৰ্বাদত, আপোনালোকক জনাওঁ যে, এজন উচ্চাকাংক্ষী উদ্যোগী আৰু এজন উইজকিড অডিঅ’ অভিযন্তাৰ সৈতে মোৰ জীৱন উচৰ্গা কৰি আনন্দিত হৈছো। মোৰ জন্মদিনৰ দিনা ২৯ ডিচেম্বৰত ঘনিষ্ঠ পৰিয়াল আৰু প্ৰিয়জনৰ উপস্থিতিত এই বাগদান সম্পন্ন হৈছে। উল্লেখ্য যে, প্ৰায়ে হিজাব পৰিধান কৰা সংগীতজ্ঞগৰাকীৰ কন্যাই ডুবাইৰ এক অনুষ্ঠানত গীত পৰিৱেশন কৰি সকলোৰে হৃদয় জিনিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...

Exclusive | দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ সবিশেষ

CC কেমেৰাত দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ দৃশ্য।...