দেশৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰীৰ আজি ওপজা দিন, সাবিত্ৰীবাই ফুলেৰ বিষয়ে জানেনে?

দেশৰ প্ৰথম গৰাকী শিক্ষয়িত্ৰী, ছোৱালী-কিশোৰীৰ বাবে ১৮ খন বিদ্যালয় স্থাপন তথা গোটেই জীৱন মহিলাৰ অধিকাৰৰ বাবে যুঁজ দিয়া বীৰাংগনা সাবিত্ৰীবাই ফুলে। সেইগৰাকী মহিয়সী নাৰীৰ আজি ওপজা দিন। আজিৰ দিনটোতে দেশৰ প্ৰথম গৰাকী মহিলা শিক্ষয়িত্ৰী সাবিত্ৰীবাই ফুলেৰ জন্ম হৈছিল ১৮৩১ চনত। সাবিত্ৰীবাই ফুলে মহাৰাষ্ট্ৰৰ চাটাৰাৰ নাইগাঁৱত এটা কৃষকৰ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। মহিলাৰ আৰ্থসামাজিক অৱস্থা উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু ভাৰতত মহিলা শিক্ষাৰ ক্ষেত্ৰত নেতৃত্ব লৈছিল।


সাবিত্ৰীবাই ফুলেক ভাৰতৰ আধুনিক নাৰীবাদীসকলৰ মাজৰ অন্যতম এগৰাকী বুলি গণ্য কৰা হয়। সাবিত্ৰীবাই ফুলেই ১৮৪০ চনত ৯ বছৰ বয়সত ১৩ বছৰীয়া জ্যোতিৰাও ফুলেৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। স্বামী জ্যোতিৰাও ফুলেৰ সৈতে, মহিলাৰ শিক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল। ১৮৪৮ চনত পুনেত সাবিত্ৰীবাই আৰু স্বামী জ্যোতিৰাৱে দেশৰ ছোৱালীৰ বাবে প্ৰথমখন বিদ্যালয় মুকলি কৰিছিল। পিছলৈ সাবিত্ৰীবাই আৰু জ্যোতিৰাৱে ছোৱালীৰ বাবে আৰু ১৭খন বিদ্যালয় খুলিছিল। বাল্য বিবাহ আৰু সতী ব্যৱস্থাৰ বিৰুদ্ধে মাত মাতিছিল।


সাবিত্ৰীবাই কেৱল মহিলাৰ অধিকাৰৰ বাবেই কাম কৰা নাছিল, সমাজত প্ৰচলিত কুপ্ৰথা, জাতি ব্যৱস্থাৰ বিৰুদ্ধেও যুঁজ দিছিল। জাতি ব্যৱস্থা বিলুপ্ত কৰাৰ প্ৰতি থকা আগ্ৰহৰ অংশ হিচাপে অস্পৃশ্যসকলৰ বাবে তেওঁৰ ঘৰত এটা কুঁৱা নিৰ্মাণ কৰিছিল। সাবিত্ৰীবাই কেৱল এজন সমাজ সংস্কাৰকেই নহয়, দাৰ্শনিক আৰু কবিও আছিল। তেখেতৰ কবিতাবোৰে বেছিভাগ প্ৰকৃতি, শিক্ষা আৰু জাতি ব্যৱস্থা আঁতৰ কৰাৰ ওপৰত গুৰুত্ব পাইছিল।


গৰ্ভৱতী ধৰ্ষণৰ ভুক্তভোগীগৰাকীৰ শোচনীয় অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি স্বামীৰ সৈতে এনে ভুক্তভোগীসকলৰ বাবে “জুভেনাইল প্ৰিভেনচন হোম” নামৰ এটা কেয়াৰ চেণ্টাৰ খুলিছিল। বিধৱাসকলৰ দুখ-কষ্ট দূৰ কৰিবলৈ তেওঁলোকে নাপিতসকলৰ বিৰুদ্ধে ধৰ্মঘটৰ নেতৃত্ব দিছিল যাতে দাড়ি কাটিব নোৱাৰে, যিটো সেই সময়ৰ এক অভ্যাস-পৰম্পৰা আছিল।


শিশুসকলক পঢ়া-শুনা কৰা আৰু আধাতে স্কুল এৰি যোৱাত বাধা দিবলৈ অনন্য প্ৰয়াস কৰিছিল। স্কুললৈ যাবলৈ ল’ৰা ছোৱালীবোৰক বৃত্তি দিছিল। যি সময়ত দেশত জাতি ব্যৱস্থা শীৰ্ষত আছিল, তেওঁলোকে আন্তঃজাতি বিবাহক প্ৰচাৰ কৰিছিল। স্বামীৰ সৈতে ‘সত্যশোধক সমাজ’ স্থাপন কৰিছিল, যি পুৰোহিত আৰু যৌতুক অবিহনে বিবাহ অনুষ্ঠিত কৰিছিল।


১৮৯৭ চনত পুনেত প্লেগ মহামাৰী বিয়পি পৰে। আজীৱন সমাজৰ বাবে নিজৰ জীৱন উচৰ্গা কৰা সাবিত্ৰীবাই ফুলেৰ ১৮৯৭ চনৰ ১০ মাৰ্চত পুনেত প্লেগ মহামাৰীৰ ফলত মৃত্যু ঘটে। বাধা নেওচি প্ৰতিগৰাকী মহিলাৰ অধিকাৰৰ বাবে কাম কৰা এইগৰাকী বিদুষী মহিলাক আজি স্মৰণ কৰিছে দেশবাসীয়ে।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...

‘ভাৰতৰ অস্ত্ৰই কাম কৰিলে, চীনৰ অস্ত্ৰ-শস্ত্ৰই কাম নকৰিলে’: আমেৰিকাৰ শীৰ্ষ বিশেষজ্ঞ

অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতৰ স্থানীয়ভাৱে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰৰ সফলতাই বিশ্বৰ...

অপাৰেচন সিন্দূৰ : ভাৰতৰ কি কি লাভ হ’ল?পাকিস্তানে কি কি হেৰুৱালে?

ভাৰত চৰকাৰৰ সূত্ৰৰ উদ্ধৃতিৰে টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি,...

IPLৰ বাকী থকা মেচৰ বাবে অষ্ট্ৰেলিয়াৰ পৰা ঘূৰি আহিবলৈ ইচ্ছুক নহয় বহু খেলুৱৈ

ভাৰত-পাক সীমান্ত সংঘৰ্ষৰ বাবে এই মুহূৰ্তত উপমহাদেশৰ পৰিস্থিতি উত্তপ্ত।...