শিৱসাগৰ জিলা উপায়ুক্তৰ দেহত মাৰাত্মক ক’ভিড

নৱবৰ্ষৰ আৰম্ভণিতে পুনৰ যেন ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এইবাৰ শিৱসাগৰ জিলা উপায়ুক্ত মেঘনিধি দহাল ক’ভিড পজিটিভ। উপায়ুক্তগৰাকীৰ পত্নী আৰু ভাতৃৰ দেহতো ধৰা পৰিছে ক’ভিড। তিনিওগৰাকীকে হোম কোৱাৰাণ্টইনত ৰখা হৈছে। জিলা উপায়ুক্তগৰাকী আক্ৰান্ত হোৱাৰ পিছতে পত্নী আৰু ভাতৃৰ কভিড পৰীক্ষা কৰোৱা হৈছিল। সপৰিয়ালে ক’ভিডত আক্ৰান্ত হোৱাৰ পিছতে উপায়ুক্তগৰাকীৰ সংস্পৰ্শলৈ অহা সকলো লোকক কভিড টেষ্ট কৰাৰ পৰামৰ্শ আগবঢ়াইছে মেঘনিধি দহালে। আনহাতে, ক’ভিডক সহজভাবে নলৈ সকলো লোককে ক’ভিড বিধি মানি চলিবলৈ আহ্বান শিৱসাগৰবাসীক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

পুনৰ বিদেশ ভ্ৰমণলৈ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

চৰকাৰী ভ্ৰমণসূচীৰে মেক্সিকো, গ্ৰেণাডা, বাৰ্বাড'ছ, এণ্টিগুৱা আৰু বাৰ্বুডালৈ বিদেশ...

ছেমিকণ্ডাক্টৰে উদঙাইছে অসমৰ প্ৰতি কংগ্ৰেছৰ দৃষ্টিভংগী

‘অসমক মাহীআইৰ দৃষ্টিৰে চাই কংগ্ৰেছে’ছেমিকণ্ডাক্টৰে উদঙাইছে অসমৰ প্ৰতি কংগ্ৰেছৰ...

গুৱাহাটীৰ বৰমটৰীয়াত লোমহৰ্ষক ঘটনা

বিভিন্ন প্ৰতিযোগিতাত বঁটা-বাহনেৰে সন্মানিত এগৰাকী খেলুৱৈ। সেই খেলুৱৈগৰাকীয়ে ঘটাই...

জেৰাত মুখ খুলিছে দুলালে

দুলাল বাৰক মাৰাথন জেৰা চলাইছে আৰক্ষীয়ে। কিন্তু জেৰাত কোনো...