অমিক্ৰন বৃদ্ধি পালে বাঢ়িব নিষেধাজ্ঞা! মুখ্যমন্ত্ৰীৰ ঘোষণা

অমিক্ৰন বৃদ্ধি পালে বাঢ়িব নিষেধাজ্ঞা। বছৰৰ প্ৰথম দিনটোতে ঘোষণা মুখ্যমন্ত্ৰীৰ! শনিবাৰৰ পৰা পুনৰ বলৱৎ হ’ব নৈশ সান্ধ্য আইন। ক’ভিডৰ SOP অনুসৰি নিশা ১১.৩০ বজাৰ পৰা নৈশ সান্ধ্য আইন। পূৰ্বৰ দৰে ১০.৩০ বজাতে বন্ধ কৰিবল লাগিব ব্যৱসায়ীক প্ৰতিষ্ঠান। ৩১ ডিচেম্বৰৰ নিশাটোৰ বাবে সান্ধ্য আইন শিথিল কৰিছিল চৰকাৰে। ভেকচিন নোলোৱা লোকক শীঘ্ৰে ভেকচিন লোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। সুৰাপায়ীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে চলিব অভিযান।

চালক আৰু আৰোহীৰ হেলমেট পৰিধানৰ ক্ষেত্ৰতো চলিব অভিযান। GMCH ভ্ৰমণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য।GMCHত ক’ভিডৰ বাবে মুকলি কৰে ২০০খন বিচনা। সাধাৰণ ৰোগীৰ বাবে আজিৰে পৰা ১০০খন বিচনা মুকলি। নতুন মেডিকেল কলেজ হ’ব ১৩০০ বিচনাযুক্ত। HSLC আৰু HS পৰীক্ষা সময়মতে অনুষ্ঠিত হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...