ৰে’লৱেই টিকটৰ সৈতে যাত্ৰীক কি কি সুবিধা দিয়ে জানেনে?

যদি আপুনি ৰে’লত ভ্ৰমণ কৰে, আপোনাৰ বাবে জানিবলগীয়া খবৰ। খুব কম লোকেহে জানে যে ৰে’লৰ টিকটৰ সৈতে একে সময়তে বহুতো সুবিধা লাভ কৰে। এই সুবিধাবোৰ প্ৰদান কৰিবলৈ যাত্ৰীৰ বিশেষ অধিকাৰ আছে আৰু যিকোনো সময়তে সেইবোৰৰ প্ৰয়োজন হ’ব পাৰে। আপুনি ৰে’লৰ টিকটৰ সৈতে কি সুবিধা লাভ কৰিব পাৰে?


যেতিয়া আপুনি IRCTCৰ ৱেবছাইট বা মোবাইল এপৰ জৰিয়তে টিকট বুক কৰে তেতিয়া আপোনাক বীমাৰ বাবে কোৱা হয়। যদি আপুনি এই বীমা লয়, আপুনি বিভিন্ন সুবিধা লাভ কৰিব। বীমাৰ অধীনত, ৰে’ল দুৰ্ঘটনাত মৃত্যু বা সামান্য বিকলাংগতা অথবা অক্ষমতাৰ বাবে ১০ লাখ টকাৰ ক্ষতিপূৰণ পৰিশোধ কৰা হয়। আনহাতে, স্থায়ী আংশিক বিকলাংগ হ’লে ৭.৫ লাখ টকালৈকে বীমা লাভ কৰিব পাৰে।

আনহাতে, সেই সময়ছোৱাত হাস্পতালত ভৰ্তি হোৱা আৰু চিকিৎসাৰ বাবে ২ লাখ টকালৈকে বীমা উপলব্ধ। ইয়াৰ উপৰিও ৰে’লত চুৰি-ডকাইতিৰ বাবেও বীমাৰ সুবিধা আছে। এই বীমাৰ সুবিধা পাবলৈ যাত্ৰীয়ে মাত্ৰ ৪৯ পইচা খৰচ কৰিব লাগিব। আনহাতে, ৰে’লত যাত্ৰা কৰাৰ সময়ত অসুস্থ অথবা ঔষধৰ প্ৰয়োজন হ’লে টীকট পৰীক্ষকৰ পৰা প্ৰাথমিক চিকিৎসা বাকচ বিচাৰিব পাৰে। ৰে’লত যাত্ৰা কৰা প্ৰতিজন যাত্ৰীক ৰে’লৱেই এই ফাৰ্ষ্ট এইড বক্সৰ সুবিধা প্ৰদান কৰে।


আজিকালি ষ্টেচনবোৰত ৰে’লৱেৰ দ্বাৰা ৱাই-ফাই সুবিধাও প্ৰদান কৰা হৈছে। বিনামূলীয়াকৈ ৰেলযাত্ৰীকলে ৱাই-ফাই সুবিধা লাভ কৰে। যদিহে আপুনি ষ্টেচনত আছে আৰু ৰেলখনৰ বাবে অপেক্ষা কৰি আছে, আপুনি এই সুবিধা লাভ কৰিব। অৱশ্যে এই সুবিধাটো দেশৰ প্ৰতিটো ষ্টেচনত উপলব্ধ নহয়।
যদি যাত্ৰাৰ সময়ত আপোনাৰ ৰে’লখন পলম হয়, আপুনি টিকটৰ ওপৰত ভিত্তি কৰি ৱেটিং ৰুমলৈ গৈ অপেক্ষা কৰিব পাৰে। এই সুবিধা ৰে’লৱেই প্ৰতিজন যাত্ৰীক প্ৰদান কৰে। যদি আপোনাৰ এটা বৈধ টিকট সকলো যাত্ৰীয়ে ইয়াৰ লাভ আদায় কৰিব পাৰে।


ৰে’লৱেৰ দ্বাৰা যাত্ৰীসকলক ক্লক ৰুমৰ সুবিধাও প্ৰদান কৰা হয়। যদি আপোনাৰ বৈধ ৰে’লৰ টিকট আছে, আপুনি ষ্টেচনৰ ক্লক ৰুম ব্যৱহাৰ কৰিব পাৰে আৰু আপোনাৰ লাগেজ জমা কৰিব পাৰে। কেতিয়াবা যেতিয়া যাত্ৰাৰ সময়ত সময়ৰ ব্যৱধান থাকে, মানুহে তেওঁলোকৰ সামগ্ৰী ইয়াত ৰাখি আৰামেৰে ঘূৰা-ফিৰা কৰিব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...