প্ৰস্ৰাৱ কৰাৰ চলেৰে পলাবলৈ চেষ্টা কৰোতেই চলিল গুলী, গুলীবিদ্ধ ড্ৰাগছ মাফিয়া পচা বাছফৰ

পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। যোৰহাটৰ আৰক্ষীৰ গুলীত গুলীবিদ্ধ ড্ৰাগছ মাফিয়া পচা বাছফৰ। পুৱতি নিশা পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলীত গুলীবিদ্ধ পচা। যোৰহাটৰ পানীচকুৱাত নিশা প্ৰায় ৩ বজাত এই ঘটনা। প্ৰস্ৰাৱ কৰাৰ চলেৰে পলাবলৈ চেষ্টা কৰোতেই চলিল আৰক্ষীৰ গুলী। বৰ্তমান যোৰহাট চিকিত্সা মহাবিদ্যালয়ত চিকিত্সাধীন পচা বাছফৰ। কিছুদিন পূৰ্বে আৰক্ষীৰ জালৰ পৰা পলায়ন কৰিছিল পচাই। যাৰ বাবে যোৰহাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিদানন্দ বৰাক শাস্তিমূলক বদলি কৰা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমৰ কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উদ্বেগ প্ৰকাশ

অসমৰ কাৰাগাৰসমূহত অতিমাত্ৰা বন্দী, HIV সংক্ৰমণ, আত্মহত্যা আৰু বন্দীৰ...

আপুনিও বনাইছে নেকি AIত ফটো? ফটো বনোৱোৰ পূৰ্বে সাৱধান হওক

সামাজিক মাধ্যমৰ ফিডত এতিয়া আকৌ ঘূৰি আহিছে ৮০ৰ দশক।...

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া...