অসমত ‘মিনি পৰ্টুগাল’!

কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ বন্দাশিল এলেকাত পর্তুগীজ লোকৰ এক বসতিস্থল আছে। ২০০গৰাকী সদস্যৰে গঠিত প্রায় ৪০টা পৰিয়ালৰ এই লোকসকলে স্থানীয় কৃষ্টি-সংস্কৃতিৰ সৈতে একাত্ম হোৱা সত্ত্বেও পূৰ্বপুৰুষৰ বিশ্বাস আৰু পৰম্পৰা এতিয়াও অক্ষুণ্ণ ৰাখিছে। তেওঁলোকে এতিয়াও পর্তুগীজ পৰম্পৰাগত বিভিন্ন ব্যঞ্জন যেনে বিবিয়া, ভিন্দালু আদি প্ৰস্তুত কৰাৰ লগতে পর্তুগীজ শৈলীত জুইত সেকি তৈয়াৰ কৰা কেক প্রস্তুত কৰে।

ৰোমান কেথলিক এই পর্তুগীজ সম্প্রদায়টোৱে আনুমানিক সপ্তদশ শতিকাৰ পৰা এই অঞ্চলত বসতি স্থাপন কৰা বুলি বিশ্বাস কৰা হয়। খ্ৰীষ্টমাছৰ আগদিনা ৰাতি ছেইণ্ট যোছেফ গির্জাৰ মধ্যৰাতিৰ সভা (Midnight Mass)ত তেওঁলোকে প্ৰাৰ্থনা কৰে। উত্তৰ-পূব ভাৰতৰ আটাইতকৈ প্ৰাচীন গির্জাসমূহৰ ভিতৰত অন্যতম ছেইন্ট যোছেফ গির্জা ১৮৮০ চনত স্থাপন কৰা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...