৩১ ডিচেম্বৰত কেৱল দুয়োটা ডজ লোৱা লোকেহে প্ৰৱেশ কৰিব পাৰিব মল, হোটেল-ৰেষ্টোৰাঁত

অ’মিক্ৰনৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নতুন নিৰ্দেশনা জাৰী কৰা হৈছে। নৱবৰ্ষৰ দিনা মল, হোটেল আৰু হলত সম্পূৰ্ণৰূপে টীকাকৰণ কৰা লোকসকলেহে প্ৰৱেশ কৰিব পাৰিব পুডুচেৰীত। ৩১ ডিচেম্বৰত অনুষ্ঠিত হব লগা নৱবৰ্ষ উদযাপন অনুষ্ঠানৰ বাবে হোটেল, ৰেষ্টুৰেণ্ট, মল আৰু চিনেমা হলত ভেকছিনৰ দুয়োটা পালি লোৱা লোককহে প্ৰৱেশৰ অনুমতি প্ৰদান কৰিছে।


আনহাতে, শিশুক বুষ্টাৰ ডজ দিয়াৰ ক্ষেত্ৰতো অনুমতি দিব চৰকাৰে। ৰাজ্যিক স্বাস্থ্য সঞ্চালক জি শ্ৰীৰামুলুৱে সদৰি কৰা মতে অহা মাহৰ পৰা শিশুসকলক বিদ্যালয়ত বুষ্টাৰ পালি দিয়া হ’ব। স্কুল এৰি যোৱা শিশুসকলক ঘৰত টীকাকৰণৰ ব্যৱস্থা কৰিব। ইতিমধ্যে প্ৰায় ৮.২৪ লাখ প্ৰাপ্তবয়স্কক প্ৰথম পালি প্ৰদান কৰা হৈছে আৰু ৫.৪০ লাখ প্ৰাপ্তবয়স্ক লোকক দ্বিতীয় পালি প্ৰদান কৰা হৈছে।

ইফালে, পুডুচেৰীত দুজন লোকৰ দেহত অ’মিক্ৰন পজিটিভ পোৱা গৈছে। এজনৰ বয়স ২৮ বছৰ আৰু আনজনৰ বয়স ৮১ বছৰ। পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনিও বনাইছে নেকি AIত ফটো? ফটো বনোৱোৰ পূৰ্বে সাৱধান হওক

সামাজিক মাধ্যমৰ ফিডত এতিয়া আকৌ ঘূৰি আহিছে ৮০ৰ দশক।...

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া...

কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে...