৩১ ডিচেম্বৰত কেৱল দুয়োটা ডজ লোৱা লোকেহে প্ৰৱেশ কৰিব পাৰিব মল, হোটেল-ৰেষ্টোৰাঁত

অ’মিক্ৰনৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নতুন নিৰ্দেশনা জাৰী কৰা হৈছে। নৱবৰ্ষৰ দিনা মল, হোটেল আৰু হলত সম্পূৰ্ণৰূপে টীকাকৰণ কৰা লোকসকলেহে প্ৰৱেশ কৰিব পাৰিব পুডুচেৰীত। ৩১ ডিচেম্বৰত অনুষ্ঠিত হব লগা নৱবৰ্ষ উদযাপন অনুষ্ঠানৰ বাবে হোটেল, ৰেষ্টুৰেণ্ট, মল আৰু চিনেমা হলত ভেকছিনৰ দুয়োটা পালি লোৱা লোককহে প্ৰৱেশৰ অনুমতি প্ৰদান কৰিছে।


আনহাতে, শিশুক বুষ্টাৰ ডজ দিয়াৰ ক্ষেত্ৰতো অনুমতি দিব চৰকাৰে। ৰাজ্যিক স্বাস্থ্য সঞ্চালক জি শ্ৰীৰামুলুৱে সদৰি কৰা মতে অহা মাহৰ পৰা শিশুসকলক বিদ্যালয়ত বুষ্টাৰ পালি দিয়া হ’ব। স্কুল এৰি যোৱা শিশুসকলক ঘৰত টীকাকৰণৰ ব্যৱস্থা কৰিব। ইতিমধ্যে প্ৰায় ৮.২৪ লাখ প্ৰাপ্তবয়স্কক প্ৰথম পালি প্ৰদান কৰা হৈছে আৰু ৫.৪০ লাখ প্ৰাপ্তবয়স্ক লোকক দ্বিতীয় পালি প্ৰদান কৰা হৈছে।

ইফালে, পুডুচেৰীত দুজন লোকৰ দেহত অ’মিক্ৰন পজিটিভ পোৱা গৈছে। এজনৰ বয়স ২৮ বছৰ আৰু আনজনৰ বয়স ৮১ বছৰ। পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...