অসমৰ ১,৮১১গৰাকী গৰ্ভৱতী মহিলা আক্ৰান্ত এইডছত, ড্ৰাগছ বিৰোধী অভিযানত পোহৰলৈ ভয়ংকৰ তথ্য

উদ্বেগজনক খবৰ। অসমত দ্ৰুতগতিত বৃদ্ধি হৈছে এইডছ আক্ৰান্ত ৰোগীৰ সংখ্যা। যোৱা ৩১ অক্টোবৰপৰ্যন্ত ৰাজ্যত ধৰা পৰিছে ২০,৮৪১জন এইডছ আক্ৰান্ত ৰোগী। ইয়াৰে ১৯,০৩০ জন সাধাৰণ লোক আক্ৰান্ত হৈছে এইডছত। আনহাতে এই সময়ছোৱাত ১,৮১১গৰাকী গৰ্ভৱতী মহিলা আক্ৰান্ত হৈছে এইডছত। কেৱল কামৰূপ জিলাতে আছে ৩৫৮ জন এইডছ আক্ৰান্ত ৰোগী। সম্প্ৰতি ৰাজ্যত চলি থকা ড্ৰাগছ বিৰোধী অভিযানৰ বাবেই ক্ৰমান্বয়ে পোহৰলৈ আহিছে এইডছ আক্ৰান্ত ৰোগী।

কামৰূপ জিলা এইডছ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কোষৰ উদ্যোগত আমিনগাঁও যুৱ বিকাশ কেন্দ্ৰত অনুষ্ঠিত এক কৰ্মশালাত এই ভয়ংকৰ তথ্য দাঙি ধৰে জিলা এইডছ নিয়ন্ত্ৰণ বিষয়া ডাঃ নৰেন্দ্ৰ সিং টিছুৱে। আনহাতে, জিলা এইডছ নিয়ন্ত্ৰণ বিষয়াৰ লগতে কামৰূপ জিলাৰ জিলা প্ৰগ্ৰেম বিষয়া মৃদুলা চহৰীয়াৰ লগতে বিভিন্ন স্বেচ্ছামূলক অনুষ্ঠানৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে কৰ্মশালাখনত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...