ক’ভিডৰ উদ্বেগজনক পৰিস্থিতি! মিজোৰামত ২৪ ঘণ্টাত ২০৭জন লোক আক্ৰান্ত ক’ভিডত।

চুবুৰীয়া মিজোৰামত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ। ৰাজ্যখনত ২০৭জন লোক নতুনকৈ আক্ৰান্ত হৈছে ক’ভিডত। যোৱা ২৪ ঘণ্টাত দুই শতাধিক লোকৰ দেহত নতুনকৈ পোৱা গৈছে ক’ভিড ভাইৰাছ। মিজোৰামত এইপৰ্যন্ত কভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ১,৪০,৯৫৫জনলৈ। আনহাতে, বৰ্তমান ১,৪৮৩গৰাকী লোকৰ চিকিত্সা চলি আছে বিভিন্ন হাস্পতালত। ৰাজ্যখনত পজিটিভিটী ৰেট ৬.৭০ শতাংশ। কভিডৰ হাতত পৰাস্ত হৈ মৃত্যুমুখত পৰিছে ৫৪১গৰাকী লোক। একেদৰে কভিডক পৰাভূত কৰি আৰোগ্য লাভ কৰিছে ১,৩৮,৯৩১গৰাকী লোকে। ৰাজ্যখনক কভিডমুক্ত কৰাৰ বাবে তীব্ৰ গতিত অব্যাহত আছে ভেকচিন প্ৰদান প্ৰক্ৰিয়া। সকলোকে ক’ভিড বিধি মানি চলিবলৈ আহ্বান চৰকাৰৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমৰ চিকিৎসা ক্ষেত্ৰত নতুন ইতিহাস; GMCHত প্ৰথমবাৰৰ বাবে সফলতাৰে সম্পন্ন ৰবটিক কাৰ্ডিয়াক ছাৰ্জাৰী

অসমত প্ৰথমবাৰৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত (GMCH) সফলতাৰে...

পৰ্যটকৰ বাবে সুখবৰ, ২ অক্টোবৰৰ পৰা পুনৰ মুকলি মানাহ

অহা ২ অক্টোবৰ ২০২৬ৰ পৰা পুনৰ মুকলি হ’ব মানাহ...

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত পাকিস্তানক সমালোচনা; কাশ্মীৰ প্ৰসংগত পাকিস্তানক ভাৰতৰ তীব্ৰ প্ৰত্যুত্তৰ

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে কাশ্মীৰ প্ৰসংগ...