ক’ভিডৰ উদ্বেগজনক পৰিস্থিতি! মিজোৰামত ২৪ ঘণ্টাত ২০৭জন লোক আক্ৰান্ত ক’ভিডত।

চুবুৰীয়া মিজোৰামত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ। ৰাজ্যখনত ২০৭জন লোক নতুনকৈ আক্ৰান্ত হৈছে ক’ভিডত। যোৱা ২৪ ঘণ্টাত দুই শতাধিক লোকৰ দেহত নতুনকৈ পোৱা গৈছে ক’ভিড ভাইৰাছ। মিজোৰামত এইপৰ্যন্ত কভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ১,৪০,৯৫৫জনলৈ। আনহাতে, বৰ্তমান ১,৪৮৩গৰাকী লোকৰ চিকিত্সা চলি আছে বিভিন্ন হাস্পতালত। ৰাজ্যখনত পজিটিভিটী ৰেট ৬.৭০ শতাংশ। কভিডৰ হাতত পৰাস্ত হৈ মৃত্যুমুখত পৰিছে ৫৪১গৰাকী লোক। একেদৰে কভিডক পৰাভূত কৰি আৰোগ্য লাভ কৰিছে ১,৩৮,৯৩১গৰাকী লোকে। ৰাজ্যখনক কভিডমুক্ত কৰাৰ বাবে তীব্ৰ গতিত অব্যাহত আছে ভেকচিন প্ৰদান প্ৰক্ৰিয়া। সকলোকে ক’ভিড বিধি মানি চলিবলৈ আহ্বান চৰকাৰৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২৩ বছৰ অনুৰ্ধ মহিলা ক্ৰিকেটলৈ অসম ক্ৰিকেট সন্থাৰ দল ঘোষণা

অহা ২৪ নৱেম্বৰৰ পৰা হাৰিয়ানাত হ’বলগীয়া বি চি চি...

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...