নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ কাৰ্ফিউ, বন্ধ থাকিব চিনেমা হল, জিম, প্ৰেক্ষাগৃহ

নৱবৰ্ষৰ পূৰ্বে কঠোৰ হৈছে চৰকাৰ। নতুন বছৰক আদৰাৰ নামত যাতে কভিডে আন এক ভয়ংকৰ ৰূপ নলয় তাৰ বাবে সতৰ্ক হৈছে প্ৰতিখন ৰাজ্য চৰকাৰ। ২৮ ডিচেম্বৰত দিল্লী চৰকাৰে কভিডকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। সেই অনুসৰি দিল্লীত গ্ৰেডেড ৰেচপন্স একচন প্লেনৰ অধীনত হালধীয়া সতৰ্কতা জাৰি কৰা হৈছে। আজিৰে পৰা দিল্লীত নিশা বলৱৎ হ’ব কাৰ্ফিউ। নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন বলৱতৰ সিদ্ধান্ত কেজৰিৱাল চৰকাৰৰ।

তাৰোপৰি তৎক্ষণাত বলৱৎ হোৱাকৈ চিনেমা হল, স্পা, জিমসমূহ বন্ধ কৰাৰ নিৰ্দেশ চৰকাৰে। আনহাতে, মাল্টিপ্লেক্স, চিনেমা হল, বেংকুৱেট হল, প্ৰেক্ষাগৃহ আৰু ক্ৰীড়াক্ষেত্ৰসমূহো বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে। ইফালে ৰেষ্টুৰেণ্ট আৰু বাৰ সমূহ খোলা থাকিব যদিও ৫০ শতাংশ লোকৰহে অনুমতি প্ৰদান কৰিছে। তাৰোপৰি দিল্লী মেট্ৰ’ত কেৱল ৫০ শতাংশ লোকেহে যাত্ৰা কৰিব পাৰিব।


আনহাতে, অন্য ৰোগ থকা ৬০ বছৰ বা ততোধিক বয়সৰ সকলো ব্যক্তিয়ে সাৱধানতাৰ পালি প্ৰয়োগ কৰাৰ সময়ত চিকিৎসকৰ পৰা কোনো প্ৰমাণপত্ৰ প্ৰস্তুত বা দাখিল কৰাৰ প্ৰয়োজন নহ’ব। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই কথা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...