বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য ভেদ কৰিব অসমৰ বিজ্ঞানীয়ে

শীঘ্ৰে ভেদ হ’ব বিশ্ব ব্ৰহ্মাণ্ডৰ বহু ৰহস্য। মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ উদ্যোগত আজি মুকলি কৰা হ’ব এটা অত্যাধুনিক টেলিস্ক’প।

২০ বছৰজোৰা নাছাৰ বিজ্ঞানীৰ এটা দলৰ প্ৰচেষ্টাই বাস্তৱ ৰূপ লাভ কৰিব আজি। এই অত্যাধুনিক টেলিস্ক’প মুকলিৰ সময়তে চৰ্চালৈ আহিছে অসমৰ এজন যুৱ বিজ্ঞানীৰ নাম।

যোৰহাট চোলাধৰাৰ জ্যোতিৰ্পদাৰ্থ বিজ্ঞানী ৰংমন বৰদলৈয়ে এদল বিজ্ঞানীৰ সৈতে জড়িত হৈ আহিছিল এই গৱেষণাত। নাছাৰ হাবল্ টেলিস্ক’পতকৈও তিনিগুণ শক্তিশালী এই নতুন টেলিস্ক’পটোৰ নাম ৰখা হৈছে জেমছ ৱেব স্পেছ টেলিস্ক’প।

আমেৰিকাৰ নৰ্থ কেৰ’লিনা ষ্টেট ইউনিভাৰচিটীৰ সহযোগী অধ্যাপকৰূপে কৰ্মৰত ৰংমন বৰদলৈৰ লগতে এই টেলিস্ক’পটোৰ নিৰ্মাণত জড়িত আছিল আন এদল মাৰ্কিন বিজ্ঞানী। ৰংমন বৰদলৈয়ে যোৰহাট বাল্য ভৱনৰ ছাত্ৰ আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইতিহাস গঢ়িলে শুভমন গিলে, পঞ্চমবাৰৰ বাবে লাভ কৰিলে ICCৰ মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান

ভাৰতীয় ক্ৰিকেট দলৰ এদিনীয়া আৰু টেষ্ট অধিনায়ক শুভমন গিলে...

অসমৰ ৩০ শতাংশ শিক্ষাৰ্থীয়ে শ্ৰেণীকোঠাত পাঠ বুজি নাপায়, শিক্ষকৰ পাঠদানক লৈ মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত সেৱা সংকল্প...