চিনেমাতকৈ কম নহয় গাড়ীচোৰৰ কাহিনী! অন্ধ্ৰ প্ৰদেশৰ পৰা শিলচৰ অভিমুখী ট্ৰাক কিদৰে বৰপেটাত নোহোৱা হৈছিল?

ৰাজ্যখনত সঘনাই সংঘটিত হৈ আহিছে গাড়ী চুৰিৰ ঘটনা৷ কেতিয়াবা যদি ভাড়াতীয়াৰ ৰূপত গাড়ীৰ ড্ৰাইভাৰক হত্যা কৰি গাড়ী লৈ যায় আকৌ কেতিয়াবা ড্ৰাইভাৰেই গাড়ী বিক্ৰী কৰি আত্মগোপনৰ ঘটনা সংঘটিত হৈ আহিছে৷ এইবাৰ প্ৰায় ২১ টন জলকীয়া গুড়ি আৰু হালধিগুড়ি ভৰ্তি AP-TB-5778 নম্বৰৰ ১৪ চকীয়া এখন ট্ৰাক অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰৰ পৰা শিলচৰলৈ ৰাওনা হৈছিল। কিন্তু ট্ৰাকখনৰ ড্ৰাইভাৰে বৰপেটা পোৱাৰ পিছতে ট্ৰাকৰ মালিকৰ লগত সংযোগ বিছিন্ন কৰি দিয়ে৷ এই সংক্ৰান্তত ট্ৰাকৰ মালিক লালচান আলীয়ে এজাহাৰ দাখিল কৰে৷ তাৰ পিছতে বৰপেটা আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷ অনুসন্ধানত বাহনখনৰ চালক আতোৱাৰক আগ মন্দিয়াৰ পৰা আটক কৰি জেৰা অব্যাহত ৰাখে। আতোৱাৰ আলীয়ে আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰে যে বাহনখন গৌতম চৰকাৰ নামৰ এজনক বিক্ৰী কৰি দিছে।

সেই অনুসৰি তাৰাবাৰীৰ পৰা গৌতম সৰকাৰক আটক কৰি জেৰা কৰে আৰক্ষীয়ে। দুয়োজনকে জেৰা কৰাৰ পিছত প্ৰকৃত সত্য পোহৰলৈ আহে। যোৱা ২৯ নবেম্বৰত আতোৱাৰ আলী নিশা হাউলিত উপস্থিত হৈছিল আৰু আতোৱাৰ আলীয়ে নগদ ১ লাখ টকাৰ বিনিময়ত গৌতম চৰকাৰক গাড়ীখন বিক্ৰী কৰিছিল। আনহাতে, গৌতম সৰকাৰে গাড়ীত অহা জ্বলকীয়া, হালধিসহ সকলো সামগ্ৰী হাউলীৰ ফৰিদ খান আৰু আলিম খান নামৰ দুজনক হস্তান্তৰ কৰিছিল। পিছত গৌতম সৰকাৰক লগত লৈ আৰক্ষীৰ দলটোৱে মেঘালয়ৰ বৰ্ণিহাটৰ পৰা বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বাহনখন টুকুৰা-টুকুৰকৈ কাটি পেলোৱা হৈছিল। গেৰেজৰ পৰা তেনেদৰেই বৰপেটালৈ গাড়ীখন অনা হয়৷

আনহাতে, গেৰেজৰ মালিক দীনেশ শ্বাহকো এই সন্দৰ্ভত আটক কৰে বৰপেটা আৰক্ষীয়ে৷ ফাৰিদ খান আৰু আলিম খানে দাৱালীয়াপাৰাত ভাড়াত লোৱা অস্থায়ী গুদামৰ পৰা প্ৰায় ১১ কুইণ্টল সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷ এই সন্দৰ্ভত আতোৱাৰ আলী, গৌতম সৰকাৰ আৰু দীনেশ শ্বাহ নামৰ ৩জন লোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে৷ আনহাতে গোচৰটোৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...