প্ৰধানমন্ত্ৰী মোদীলৈ আন এক স্বীকৃতি, ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ দ্য ড্ৰুক গিয়ালপোৰে বিভূষিত মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ভূটানে আগবঢ়াইছে দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান। ভূটানলৈ বিভিন্ন সময়ত আগবঢ়াই অহা স্বীকৃতিস্বৰূপে মোদীলৈ এই সন্মান দেশখনৰ। বিশেষকৈ ক’ভিড মহামাৰীৰ সময়ছোৱাত চুবুৰীয়া দেশখনলৈ ভাৰতে আগবঢ়াই অহা ভেকচিন আৰু অন্যান্য সাহায্যৰ স্বীকৃতি প্ৰদান কৰি মোদীক এই সন্মানেৰে বিভূষিত কৰা হৈছে বুলি সদৰি কৰিছে ভূটান চৰকাৰে।

ভূটানৰ এই সৰ্বোচ্চ সন্মান লাভ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অভিভূত হৈ পৰা বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰে। ভূটানৰ ৰজা জিগমী খেচৰ নামগিয়াল ৱাংচুকে এই কথা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীৰ লগতে ভাৰতৰ সহায়ৰো বিশেষ শলাগ লয়।


দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক এই সন্মানেৰে বিভূষিত কৰাত আনন্দ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এয়া সকলো ভাৰতীয়ৰ বাবে গৌৰৱৰ ক্ষণ। অৰ্ডাৰ অৱ দ্য ড্ৰুক গিয়ালপো সন্মানে দুয়োখন দেশৰ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰিব বুলি মন্তব্য প্ৰকাশ কৰিছে ড০ হিমন্ত বিশ্ব শৰ্মাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২০৩৫ চনৰ ভিতৰত ভাৰতৰ থাকিব নিজা মহাকাশ কেন্দ্ৰ: ইছৰ’ৰ অধ্যক্ষ

ভাৰতে ২০৩৫ চনৰ ভিতৰত 'ভাৰতীয় অন্তৰীক্ষ ষ্টেচন' (BAS) নামৰ...

বিদেশৰ মাটিত সৰ্বাধিক ৰান সংগ্ৰহকাৰী ভাৰতীয় উইকেটকীপাৰ হিচাপে ইতিহাস ৰচিলে ঋষভ পণ্টে

ভাৰতীয় উইকেটকীপাৰ-বেটছমেন ঋষভ পণ্টে প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক...

জ্যোতি চিত্ৰবনত কাইলৈ মুক্তি পাব নতুন অসমীয়া ছবি ‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’ৰ MOTION POSTER

ছবিগৃহলৈ আহিবলৈ সাজু হৈছে এখন নতুন অসমীয়া ছবি ‘NRC...