দিল্লীত আৰু ৪জন আক্ৰান্ত ওমিক্ৰনত, ৮খন ৰাজ্যলৈ বিয়পিল মাৰাত্মক ওমিক্ৰন

দেশৰ ৰাজধানী দিল্লীত আৰু ৪জন লোক আক্ৰান্ত হৈছে কভিডৰ ওমিক্ৰন ভেৰিয়েণ্টত। এই ৪জন সহিতে দিল্লীত ওমিক্ৰনত আক্ৰান্তৰ সংখ্য়া বৃদ্ধি পালে ছজনলৈ। আনহাতে, দেশৰ ৮খন ৰাজ্যলৈ বিয়পিল ওমিক্ৰন। মহাৰাষ্ট্ৰ, ৰাজস্থান,কৰ্ণাটক, গুজৰাট, কেৰালা আৰু অন্ধ্ৰ প্ৰদেশ আৰু চণ্ডীগড়তো পোৱা গৈছে ওমিক্ৰন আক্ৰান্ত ৰোগী। মহাৰাষ্ট্ৰত ২০গৰাকী, ৰাজস্থানত ৯গৰাকী লোক আক্ৰান্ত হৈছে। কৰ্ণাটকত ৩গৰাকী, গুজৰাটত ৪গৰাকী, কেৰালাত এগৰাকী ৰোগী ধৰা পৰিছে। আনহাতে, অন্ধ্ৰ প্ৰদেশত এগৰাকী, চণ্ডীগড়ত দুগৰাকী আৰু দিল্লীত ছগৰাকী লোক আক্ৰান্ত হৈছে ওমিক্ৰন প্ৰজাতিত। দেশত ওমিক্ৰনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৪৫গৰাকীলৈ। এইপৰ্যন্ত ওমিক্ৰনক পৰাস্ত কৰি আৰোগ্য লাভ কৰিছে এজন লোকে।


সোমবাৰে মহাৰাষ্ট্ৰত ওমিক্ৰনৰ দুগৰাকী ৰোগী ধৰা পৰিছিল। ইয়াৰ লগে লগে ৰাজ্যখনত মুঠ ঘটনাৰ সংখ্যা ২০লৈ বৃদ্ধি হৈছে। সেয়েহে, দেশৰ ওমিক্ৰন ভেৰিয়েণ্টৰ আধা ৰোগী মহাৰাষ্ট্ৰতে আছে। ইফালে, গুজৰাটৰ চুৰাটত এগৰাকী ৰোগীৰ দেহত এই প্ৰজাতি নিশ্চিত কৰা হৈছে। সংক্ৰমিত লোকজন অলপতে দক্ষিণ আফ্ৰিকাৰ পৰা উভতি আহিছিল।


ইয়াৰ পূৰ্বে দেওবাৰে ৫খন ৰাজ্যত ৫টা নতুন ঘটনা পোৱা গৈছিল। কেৰালাৰ কোচিত প্ৰথম ঘটনা পোহৰলৈ আহিছিল। কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে সদৰি কৰা মতে সংক্ৰমিত লোকজন ৬ ডিচেম্বৰত ব্ৰিটেইনৰ পৰা কোচিলৈ ওভতি আহিছিল। ৮ ডিচেম্বৰত অনুষ্ঠিত কোভিড পৰীক্ষাত পজিটিভ পোৱা গৈছিল। ইফালে, লোকজনৰ পত্নী আৰু মাতৃও আক্ৰান্ত হৈছে কভিডত। সকলোকে আইচলেচন ৱাৰ্ডলৈ স্থানান্তৰিত কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...