৭.২ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্প, ছুনামিৰ সতৰ্কতা

৭.২ প্ৰাবল্যৰ প্ৰবল ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। মঙলবাৰে শক্তিশালী ভূমিকম্পত কঁপি উঠিল ইণ্ডোনেছিয়াৰ পূব প্ৰান্ত। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মৌমাৰে চহৰৰ পৰা ১০০ কিলোমিটাৰ উত্তৰৰ সাগৰৰ ১৮.৫ কিলোমিটাৰ গভীৰতাত। ইয়াৰ পাছতেই অঞ্চলটোত ছুনামিৰ সতৰ্কতা জাৰি কৰা হৈছে।


২০০৪ চনতো ভূমিকম্পই ধ্বংসস্তুপলৈ পৰিণত কৰিছিল সূমাত্ৰা দ্বীপ। ৰিখটাৰ স্কেলত ৯.১ প্ৰাবল্যৰ ভূমিকম্পই ২ লাখ ২০ হাজাৰ লোক হতাহত হৈছিল। ইয়াৰে কেৱল ইণ্ডোনেছিয়াৰ ১ লাখ ৭০ হাজাৰৰো অধিক লোক মৃত্যুমুখত পৰিছিল।


প্ৰশান্ত মহাসাগৰীয় ৰিং অফ ফায়াৰত অৱস্থিতিৰ বাবে ইণ্ডোনেছিয়া প্ৰায়ে ভূমিকম্প আৰু আগ্নেয়গিৰিৰ বিস্ফোৰণৰ দ্বাৰা আক্ৰান্ত বা সন্মুখীন হ’ব লগা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...