আজিৰে পৰা দাম বাঢ়িল সুৰাৰ, ২৫ শতাংশপৰ্যন্ত অধিক দামত কিনিব লাগিব সুৰা

আজিৰে পৰা ৰাজ্যত দাম বাঢ়িল সুৰাৰ। ১৮ শতাংশৰ পৰা ২৫ শতাংশ পৰ্যন্ত বৃদ্ধি হ’ল সুৰাৰ মূল্যবৃদ্ধি। অসম আবকাৰী বিধি সংশোধনী প্ৰকাশ কৰি ৰাজপত্ৰিত জাননীৰ জৰিয়তে মূল্যবৃদ্ধি কৰা হৈছে। প্ৰতি বটলত ২৪ টকাৰ পৰা ৩০০ টকা পৰ্যন্ত বৃদ্ধি পাইছে। এহেজাৰ টকাৰ বটলৰ ওপৰৰ মূল্যৰ সুৰাৰ বটলত বৃদ্ধি পালে ন্যূনতম ৩০০ টকা।


পেট্ৰ’ল-ডিজেলৰ ভেট হ্ৰাস কৰাৰ সময়তে সুৰাৰ দাম বৃদ্ধি ঘোষণা কৰিছিল। পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত ৰাজকোষত দেখা দিয়া ঘাটি পূৰণ কৰিবলৈকে এই বৃদ্ধি কৰা হৈছে। বঙাইগাঁৱত অনুষ্ঠিত ৰাজ্যিক কেবিনেটতো আবকাৰী শুল্ক বৃদ্ধিৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, লকডাউনৰ সময়তো ৰাজ্য চৰকাৰে বৃদ্ধি কৰিছিল সুৰাৰ দাম। পৰৱৰ্তী সময়ত পৰিস্থিতি স্বাভাৱিক হোৱাৰ লগে লগে হ্ৰাস কৰা হৈছিল সুৰাৰ দাম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...