ৰঙা আৰু শুভ্ৰ পোছাকত শুভ পৰিণয় কেটৰিনা কাইফ আৰু বিকি কৌশলৰ। বিয়াৰ পিছতে সকলোৰে পৰা বিচাৰিলে আশীৰ্বাদ।

জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত সম্পন্ন হ’ল বহুচৰ্চিত কেটৰিনা কাইফ আৰু বিকি কৌশলৰ বিবাহ। শুভ পৰিণয়ৰ পিছতে আনুষ্ঠানিকভাবে শ্বেয়াৰ কৰিলে ফটো। বগা শ্বেৰৱানী আৰু ৰঙা লেহেংগাৰ পোছাকত দুয়োকে দেখা গৈছে অপূৰ্ব।

বিবাহৰ ফটো শ্বেয়াৰ কৰি বিকি কৌশলে লিখিছে-আপোনাৰ আশীৰ্বাদৰ প্ৰয়োজন। সকলোৰে পৰা আশীৰ্বাদ বিচাৰিলে নৱবিবাহিত দম্পতীয়ে

বৃহস্পতিবাৰে জয়পুৰৰ চৱাই মাধেপুৰৰ ছয় চেঞ্চ ফৰ্ট বৰৱাৰাত কেটৰিনা কাইফ আৰু বিকি কৌশলে বিবাহ পাশত আৱদ্ধ হৈছিল।

অনুৰাগীসকলে বিবাহৰ ফটোৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল। সন্ধিয়া প্ৰায় ৭ বজাত বিয়াৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হ’বলৈ আৰম্ভ কৰে।

বিকি আৰু কেটৰিনাই পৰিয়ালৰ জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লৈছিল। বিয়াৰ পিছত বিকি-কেটৰিনাই বিবাহথলীৰ বাহিৰত থকা অনুৰাগীসকলৰ বাবে মিঠাই আৰু কেক পঠিয়াইছিল। হোটেল মেনেজমেণ্টৰ একাংশ মানুহে মিঠাই লৈ দৌৰি আহিছিল।

কেটৰিনাই খোপা বান্ধি ৰঙা লেহেংগাত দেখা গ’ল। বিকি কৌশলক বগা শ্বেৰৱানী পিন্ধা দেখা গৈছে।

বিয়াখনত পৰিয়ালৰ সদস্য আৰু মাত্ৰ কেইজনমান বিশেষ অতিথিহে উপস্থিত আছিল

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আপুনি বেলকনিতে কৰিব পৰা ৫টা খেতি

বাগিচাৰ কামক প্ৰায় সংখ্যকেই এনে এক চখ বুলি ভাবে...

‘অপাৰেচন সিন্দুৰ’ৰ জৰিয়তে ৩টা মুখ্য লক্ষ্য সফলতাৰে অৰ্জন ভাৰতৰ

ভাৰত চৰকাৰৰ সূত্ৰৰ পৰা প্ৰকাশ পাইছে যে, পাকিস্তানত অৱস্থিত...

পৰকীয়া প্ৰেমিকৰ সৈতে মিলি মাতৃয়ে প্ৰাণ ল’লে শিশুৰ

মাতৃ দিৱসৰ দিনাই মহানগৰীত ভয়ংকৰ ঘটনা। পৰকীয়া প্ৰেমিকৰ সৈতে...

ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মোছ মিছাইলৰ সম্পৰ্ক

ব্ৰহ্মপুত্ৰ আৰু ৰাছিয়াৰ মস্কোভা নদীৰ নামেৰে নামাংকিত ভাৰতৰ দ্ৰুততম...