কাছাৰৰ কুৰকুৰী চাহ বাগিচাত খাদ্যত বিষক্ৰিয়া, বিষাক্ত খিচিৰি খাই মৃত্যু এগৰাকী মহিলাৰ

কাছাৰৰ কুৰকুৰী চাহ বাগিচাত খাদ্যত বিষক্ৰিয়াৰ ঘটনা। বিষক্ৰিয়াত আক্ৰান্ত হৈ স্বৰমতী মুণ্ডা নামৰ এগৰাকী ৫০ বছৰীয়া মহিলাই মৃত্যুক সাবটি লৈছে। কাটিগড়া সমষ্টিৰ চাহ বাগিচাখনত বিষাক্ত খিচিৰি খাই অসুস্থ হৈ পৰিছিল আন ২৫ জন লোক। অসুস্থ সকলৰ ৭জনক সংকটজনক অৱস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰেৰণ কৰা হৈছে। ওচৰৰ শাল চাপৰাত অনুষ্ঠিত পূজাৰ পৰা অনা হৈছিল এই খিচিৰিখিনি। ঘটনাৰ খবৰ পোৱাৰ পিছতে চিকিৎসকৰ দল এটাই চাহ বাগিচাখনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...