উদ্ধাৰ হ’ল জেনেৰেল বিপিন ৰাৱাটৰ দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰৰ ব্লেক বক্স

উদ্ধাৰ কৰা হ’ল চিডিএছ জেনেৰেল বিপিন ৰাৱাটৰ দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰৰ ব্লেক বক্স। দুৰ্ঘটনাস্থলীৰ পৰা তদন্তকাৰী দলে হেলিকপ্টাৰৰ ব্লেক বক্সটো উদ্ধাৰ কৰাৰ পিছতে তদন্তৰ বাবে লৈ যোৱা হয়। বুধবাৰে তামিনলনাডুৰ কুন্নুৰত বায়ুসেনাৰ MI 17 V5 হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে দুৰ্ঘটনাস্থলীৰ ৩০০ মিটাৰজোৰা অঞ্চলত ব্লেক বক্সৰ সন্ধান চলোৱা হৈছিল।

দুৰ্ঘটনা সন্দৰ্ভত বায়ুসেনাই দিয়া নিৰ্দেশৰ ভিত্তিত ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে যদিও ব্লেক বক্স উদ্ধাৰৰ পিছত তদন্তৰ বাবে অধিক তথ্য লাভ কৰাটো সম্ভৱ হ’ব। উল্লেখ্য যে জেনেৰেল ৰাৱাটসহ এটা ১৪ জনীয়া দলক লৈ কম্বাটোৰৰ চুলুৰৰ পৰা ৱেলিংটনলৈ উৰা মৰাৰ কিছু সময় পিছতে নীলগিৰি জিলাৰ কুন্নুৰত দুৰ্ঘটনাত পতিত হৈছিল হেলিকপ্টাৰখন। দুৰ্ঘটনাত জেনেৰেল ৰাৱাট আৰু তেওঁৰ পত্নীসহ ১৩জনৰ মৃত্যু হৈছিল।

এই দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন বৰুণ সিং। সম্প্ৰতি ৱেলিংটনৰ সামৰিক হাস্পাতলত চিকিৎসাধীন হৈ আছে বৰুণ সিং।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বশিষ্ঠ আৰক্ষীৰ জালত ৭ দুৰ্ধৰ্ষ ডকাইত

বশিষ্ঠ আৰক্ষীৰ জালত ৭ দুৰ্ধৰ্ষ ডকাইত। গৰু চুৰি আৰু...

পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিৰ পিছত ৰাজ্যবাসীলৈ পৰিবহন মন্ত্ৰীৰ আহ্বান

দেশজুৰি পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি পোৱাৰ সময়তে অসমৰ...

জনজাতি সুৰক্ষা মঞ্চৰ সংবাদমেল; ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে সৰৱ

গুৱাহাটীৰ কেশৱ ধামত জনজাতি সুৰক্ষা মঞ্চ, অসম প্ৰদেশৰ এখন...

চৰৰ মুছলমান প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্যই জোকাৰিছে ৰাজ্য

চৰৰ মুছলমান প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্য।মুছলমান মানেই...