হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, সেনাই অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান

সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ ভয়ংকৰ ঘটনা। হেলিকপ্টাৰত CDS বিপিন ৰাৱট আছিল। বিপিন ৰাৱটৰ পত্নীও আছিল হেলিকপ্টাৰত। এক বিশেষ অনুষ্ঠানত ভাষণ প্ৰদানৰ বাবে ৱেলিংটন ষ্টাফ কলেজলৈ গৈছিল। তামিলনাডুৰ কুন্নুৰ আৰু উটিৰ মাজৰ ৰাজপথত এই শোকাৱহ ঘটনা। ১৪জন লোকে যাত্ৰা কৰিছিল হেলিকপ্টাৰখনত। এইপৰ্যন্ত ৪জন লোকক উদ্ধাৰ কৰা হৈছে। দুজনৰ শৰীৰ ৮০ শতাংশপৰ্যন্ত জ্বলি গৈছে।

যান্ত্ৰিক বিজুতিৰ ফলতে দুৰ্ঘটনাৰ সন্দেহ। দুৰ্ঘটনাৰ কিছু সময় পূৰ্বে সংযোগ বিচ্ছিন্ন হৈছিল। দুৰ্ঘটনাৰ পিছতে জ্বলি উঠে হেলিকপ্টাৰখন। ঘটনাস্থলীত ছখন এম্বুলেঞ্চে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। সেনা প্ৰধান এম এম নাৰাৱণে সমগ্ৰ ঘটনা নিজে নিৰীক্ষণ কৰি আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...