দিল্লী আৰক্ষীত নিযুক্তি পাইছে অসমীয়া ডেকা ল’ৰাই, বিশেষ নিযুক্তিৰ জৰিয়তে দিয়া হৈছে চাকৰিৰ সুযোগ

দিল্লী আৰক্ষীত মুঠ ৪৯০ জন অসমীয়া আৰু উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীক নিয়োগ কৰা হৈছে। ২০১৬ চনৰ পৰা ২০১৮ চনৰ ভিতৰত এইসকল আৰক্ষী জোৱানক নিযুক্তি দিছে চৰকাৰে। স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ সহায়ত দিল্লী আৰক্ষীত নিয়োজিত কৰা হৈছে যোগ্য যুৱকসকলক।

ৰাজ্যসভাত এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে। কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে এক প্ৰশ্নৰ লিখিত উত্তৰত এই কথা সদৰি কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ যুৱক-যুৱতীক কনিষ্টবল(এক্সিকিউটিভ) পদত নিযুক্তি দিয়া হৈছে। বিশেষ নিযুক্তিৰ জৰিয়তে নিযুক্তি লাভ কৰিছে এইসকল অসমীয়া আৰু উঃ-পূৰ্বাঞ্চলৰ যুৱকক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...