বিয়াৰ পূৰ্বে বিকি-কেটৰীনাৰ বিৰুদ্ধে কোনে, কিয় ৰুজু কৰিলে গোচৰ?

জনপ্ৰিয় অভিনেতা বিকি কৌশল আৰু মোহময়ী অভিনেত্ৰী কেটৰীণা কাঈফৰ বিয়াক লৈ চলিছে পূৰ্ণ ব্যস্ততা। অহা ৯ ডিচেম্বৰত ৰাজস্থানত বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু অতি জনপ্ৰিয় তাৰকা কেটৰীণা কাইফ আৰু বিকি কৌশল। ধুম-ধামেৰে চলিছে বিয়াৰ প্ৰস্তুতি। মাজনিশাই বিকি-কেটৰিনাই পৰিয়ালৰ সৈতে উপস্থিত হৈছেগৈ বিবাহৰ গন্তব্যস্থান চেঞ্চিছ ফৰ্টত।

পিছে ইয়াৰ মাজতে আহিল এক বেয়া খবৰ। কিয়নো অভিনেতা-অভিনেত্ৰী দুগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। এফালে বিয়াক লৈ দুয়োৰে প্ৰস্তুতি, আনফালে গোচৰ ৰুজু হৈছে তাৰকা দুগৰাকীৰ বিৰুদ্ধে। ৰাজস্থানৰ নেত্ৰবিন্দু সিং জৌদান নামৰ এজন অধিবক্তাই দুয়োৰে বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।

বিকি আৰু কেটৰীণাৰ বিয়াৰ বাবে ৬ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈকে চৌথা মন্দিৰৰ সমীপৰ পথ বন্ধ কৰি দিয়াক লৈ তাৰকা দুগৰাকীৰ লগতে ছিক্স ছেঞ্চ ফৰ্ট বড়ৱাৰাৰ হোটেলৰ মেনেজাৰৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। জিলা সংগ্ৰাহকৰ হস্তক্ষেপত ৬ৰ পৰা ১২ ডিচেম্বৰলৈকে বন্ধ কৰি দিয়া হয় মন্দিৰৰ দিশে অহা-যোৱা কৰা পথ। যাৰ ফলত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে মন্দিৰৰ ভক্ত। ইয়াকে লৈ এজন অধিবক্তাই ৰুজু কৰে গোচৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান গেমছত উজলিল ভাৰতৰ ৩ কন্যা; শ্বটিঙৰ জৰিয়তে ২ টাকৈ পদক জয়

শনিবাৰে, ১৯ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় এছিয়ান গেমছ...

৪৫০ ফুট দীঘল গামোচাৰে অভিলেখ গঢ়িলে সোণাপুৰৰ জুবিনক্ষেত্ৰই

৪৫০ ফুট দীঘল গামোচাৰে অভিলেখ গঢ়িলে সোণাপুৰৰ জুবিনক্ষেত্ৰই ।...

নিশা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান; তামাৰহাট-পৰ্বতঝোৰাত আটক ৫ ড্ৰাগছ সৰবৰাহকাৰী

কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাত আৰু ধুবুৰীৰ তামাৰহাটত নিশা পৃথকে...

অসমৰ কেইবাখনো জিলাত ধাৰাবাহিক পথ দু/ৰ্ঘ/ট/না; কেইবাজনৰো মৃ/ত্যু

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত ধাৰাবাহিক পথ দুৰ্ঘটনাই সৃষ্টি কৰিছে...